ভোগালীৰ ভোগ : তিল-নাৰিকল-বৰ-ঘিলা আৰু যে ক’ত পিঠা!






‘মাহ-কৰাই খাওঁ, বাটে বাটে যাওঁ, মোৰ লগত যিয়ে আহে, তাকো এগাল দিওঁ।’ মাহ-কৰাইৰ সৈতে ভোগালীৰ সম্পৰ্ক অভিন্ন। মাহ-কৰাই নহ’লে যেন অসম্পূৰ্ণ হৈ ৰয় ভোগালীৰ উছাহ। অকল মাহ-কৰাই নহয়, বিধে বিধে পিঠা, লাৰু আৰু কত যে সুস্বাদু খাদ্যৰে ভৰি থাকে ভোগালীৰ খাদ্য সম্ভাৰ। এইবোৰ মূলতঃ থেতিপথাৰৰ দান। পথাৰৰ ধান চাউল হৈ কৃষকৰ জীৱনলৈ অহাৰ পিছত সেইবোৰ গুৰি কৰি বিধে বিধে পিঠা প্ৰস্তুত কৰা হয়। ইয়াকে লৈ অসমীয়া জীয়ৰী-বোৱাৰীৰ ব্যস্ততাৰো সময় নোহোৱা হৈ পৰে। ঢেঁকিৰ মাজত নিশাটোৱেও শুবলৈ পাহৰি যায়। আখলৰ পৰা ভোগালীৰ বিবিধ পিঠা-পনাৰ সুবাস চৌদিশে বিয়পি পৰিলে বেঁপাহৰ ভোগালীটো নাহো বুলিও নহাকৈ থাকিব নোৱাৰে। লগতে ম’হৰ এঠা দৈ আৰু কুঁহিয়াৰৰ গুড়েৰে সান্দহৰ মলমলীয়া গোন্ধৰ আবেদন কোনে উপেক্ষা কৰিব পাৰে। ভোগালীত অসমীয়াই আখলত প্ৰস্তুত কৰা কেইবিধমান পিঠাৰ বিষয়ে এই লেখাৰে পাঠকক অৱগত কিব বিচিৰাছোঁ। অৱশ্যে সেইবোৰ সককলো অসমীয়াই জানেই।


তিল পিঠা – বৰা চাউলৰ পিঠাগুৰিৰ মাজত তিল আৰু গুৰৰ মিশ্ৰণ সুমুৱাই শুকানকৈ খোলাত ভজা পিঠা। তিল পিঠাৰ দৈৰ্ঘ্য ৪ ইঞ্চিৰ পৰা ১০ ইঞ্চি মানলৈকে হোৱা দেখা যায়। এই পিঠা ভাজিবলৈ যথেষ্ট ধৈৰ্যৰ প্ৰয়োজন হয়।

নাৰিকল পিঠা- তিল পিঠাৰ দৰেই ইয়াক ভজা হয়। মাথোঁ তিল আৰু গুৰৰ জেগাত নাৰিকল ৰুকি চেনিৰ লগত অলপ ভাজি পিঠাগুৰি খিনিৰ মাজত দিয়া হয়।

ঘিলা পিঠা- এই পিঠা বনাবলৈ পিঠাগুৰিখিনিত গুৰ সানি কিছু সময় থৈ দি হাতৰ তলুৱাত লৈ গোলাকৃতিৰ কৰি মিঠাতেলত ভাজিব লাগে। ইয়াক নিমখদিও ভাজিব পাৰি। এই পিঠা অতি জনপ্ৰিয়।

বৰ পিঠা- এই পিঠা ভাজিবলৈ বৰা বা আৰৈ চাউলৰ গুৰি, গুৰ, খোৱা চৌডাৰ প্ৰয়োজন হয়। ইয়াক ঘিলা পিঠাৰ দৰেই বনোৱা হয়।

ফেনী পিঠা- পিঠাগুৰিৰ লগত গুৰ মিহলি কৰি কিছু পনিয়া কৰি ল’ব লাগে। তাৰ পিছত কম জুই দি কেৰাহীত হেঁতাৰে এহেতামান দি ঢাকোন মাৰি থ’ব লাগে অলপ পিছত লুটিয়াই আকৌ ঢাকোন মাৰি ভাজিব লাগে। হেতা বা চামুচেৰে পিঠাগুৰিখিনি যিমান ফেটিব সিমানে পিঠাটো খাবলৈ ভাল হ’ব।

খোলা চপৰীয়া পিঠা- ফেনী পিঠাৰ দৰেই এই পিঠা ভজা হয় মাথোঁ গুৰৰ ঠাইত নিমখ আৰু অকণমান তেল লাগে। ইয়াকো কম জুইত ঢাকোন মাৰি ভাজিব লাগে। কিছুমানে অৱশ্যে গুৰ দিও ভাজে।

জোনপিঠা- এই পিঠা ভাজিবলৈ বৰাচাউলৰ পিঠাগুৰি , দুটামান সিজোৱা মিঠাআলু অলপমান গাখীৰ, চেনিৰ ৰস লাগে। পিঠাবোৰ জোনবিৰিৰ আকাৰে ঘিলা পিঠাৰ দৰেই ভাজি কিছু সময় চেনি ৰসত ডুবাই থ’ব লাগে।

টেকেলি পিঠা- এই পিঠা পিঠাগুৰি, ৰোকা নাৰিকল আৰু চেনিৰ মিশ্ৰণ কৰি টেকেলি মুখত ভাপত ভজা হয়। ইয়াত তেল ব্যৱহাৰ নহয় যদিও খাবলৈ সোৱাদ হয়।

টোপোলা পিঠা – এই পিঠা কলপাত বা তৰা পাতত পিঠাগুৰি খিনিত নিমখ মিলাই মেৰিয়াই পানীত সিজোৱা হয়।

কল পিঠা- পকাকল, পিঠাগুৰি আৰু গুৰ মিশ্ৰণ কৰি তেলত ডুবাই এই পিঠা ভজা হয়।

চুঙা পিঠা- কেঁচা পিঠাগুৰি আৰু গুৰ মিহলাই কোমাল বাঁহৰ চুঙাত পুৰি ভজা হয়।

মুঠীয়া পিঠা- কেঁচা পিঠাগুৰি পানীৰে সানি মুঠি-মুঠি কৰি উতলা পানীত সিজাই মুঠিয়া পিঠা কৰা হয়।

সুতুলি পিঠা- এই পিঠা ঘিলা পিঠাৰ দৰেই ভজা হয় যদিও তাত তিল ভাজি গুৰৰ লগত মিশ্ৰণ কৰি লাডুটোৰ ভিতৰত সুমুৱাই তেলত ভজা হয়। ইয়াক সুতুলিৰ আকৃতিত বনোৱা হয় বাবে সয়তুলি পিঠা বুলি কয়। ইয়াক গৰমে গৰমে খাবলৈ বৰ ভাল।

লুথুৰি পিঠা- পিঠাগুৰিৰ লগত গুৰ বা চেনি পানীৰ লগত ঢিলাকৈ সানি কম জুইত সিজাই পিছত গাখীৰৰ লগত খোৱা পিঠা।

জাপৰী পিঠা- ঘিলা পিঠা এটা সাজি, তাত তিল আৰু গুৰ দি তাৰ ওপৰত তেনে জোখৰ আন এটা ঘিলা পিঠাৰ কাষ কেইটা যোৰা লগাই তেলত ভজা হয়। এয়াকে জাপৰী পিঠা কোৱা হয়।

লাওপুলি পিঠা- কোমল জাতিলাও সিজাই, পিঠাগুৰিৰ সৈতে লদা কৰি ভাজে লাওপুলি পিঠা তৈয়াৰ কৰা হয়। ভজাৰ পাছত জুলীয়া গুৰত ডুবাই ৰখা হয়।

তাল পিঠা - পকা তালৰ ৰসৰ আৰু সাহৰ লগত পিঠাগুৰি, চেনি মিহলাই তেল ভাজি এই পিঠা তৈয়াৰ কৰা হয়।

সাহ পিঠা - শুকান পিঠাগুৰিৰ খোলাত দি মাজত গাখীৰ, চেনি আৰু পিঠাগুৰিৰ মণ্ড দি ৰন্ধা এবিধ পিঠা।

ইয়াৰোপৰি আৰু বহুতো পিঠা গ্ৰামাঞ্চলত ভজা হয়। যেনে- ধুম পিঠা, নাঙল ধোৱা পিঠা, ভাত পিঠা, ভুৰ-ভুৰী পিঠা ইত্যাদি।

ইয়াৰ বাদেও বিহত লাড়ু আৰু মিঠৈও তৈয়াৰ কৰা হয়। তিলৰ লাড়ু, মুড়িৰ লাড়ু, আখৈৰ লাড়ু, নাৰিকলৰ লাড়ু, কেঁচা মিঠে, পকা মিঠে আদি সাধাৰণতে তৈয়াৰ কৰে আৰু প্ৰিয় সকলক আনন্দেৰে খুৱায়।

11 views0 comments