চীনৰে যুদ্ধ এৰাবলৈ জিনপিঙক সীমাৰেখা প্ৰস্তুতৰ আহ্বান বাইডেনৰ





দক্ষিণ চীন সাগৰ পৰা আৰম্ভ তাইৱান, তালিবানসহ কেইবাটাও বিষয়ত ক্ৰমশঃ সংঘাতৰ দিশে আগবঢ়া আমেৰিকা আৰু চীনৰ সম্পৰ্ক কিছু পৰিমাণে স্বাভাৱিক কৰাৰ দিশে অগ্ৰসৰ হৈছে দুয়োখন ৰাষ্ট্ৰৰ নেতৃত্ব।সেই উদ্দেশ্যে সোমবাে চীনৰ ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি চি জিনপিঙৰ সৈতে ভাৰ্চুৱেল বৈঠক এখনত মিলিত হয় মার্কিন ৰাষ্ট্ৰপতি জ' বাইডেন। বৈঠকক দুয়ো দেশৰ মাজত সংঘাত ৰোধ কৰাত নীতিগত সীমাৰেখা প্ৰস্তুতৰ প্রস্তাৱ দিয়ে জ' বাইডেনে।

মার্কিন প্রেসিডেন্ট।।


হোৱাইট হাউছৰ টেলিভিছনৰ পর্দাত জিনপিঙৰ সৈতে আলোচনাত বাইডেন কয়, “ইচ্ছাকৃতভাৱে হওক বা অনিচ্ছাত, দুয়ো দেশৰ মাজত চলি থকা প্রতিযোগিতা যাতে সংঘাতৰ ৰূপ নলয়, সেইটো নিশ্চিত কৰিবলৈ আমি এডাল সীমাৰেখা প্ৰস্তুত কৰিব লাগিব।” আন্তর্জাতিক সম্পর্ক বিশেষজ্ঞদৰ মতে, চীনৰে সংঘাত এৰি চলিবলৈ কিছু সুনির্দিষ্ট নীতি বা ‘সীমাৰেখা’ প্ৰস্তুত কৰিব বিচাৰিছে বাইডেনে। সেই নীতিগত ‘গার্ডৱাল’ প্ৰস্তুতৰ বাবে তেওঁ বেইজিঙৰ ওপৰত চাপ সৃষ্টি কৰিছে।


ইফালে, বেইজিঙৰ পৰা বাইডেনক ‘পুৰণি বন্ধু’ বুলি উষ্ণ সম্বোধন কৰে চীনৰ ৰাষ্ট্ৰপতি প্রেসিডেন্ট চি জিনপিং। তেওঁ কয়, “প্রতিদ্বন্দ্বী দেশ দুখনে একেলগে কাম কৰিব লাগিব। চীন আৰু আমেৰিকাই পাৰস্পৰিক সংযোগ আৰু সহযোগিতা অধিক বঢ়াব লাগিব।”


উল্লেখ্য যে বিগত কেইবাবছৰ ধৰি দক্ষিণ চীন সাগৰত বেইজিঙে সামৰিক আন্তঃগাঁথনি মজবুত কৰি তুলিছে। প্রায় সমগ্ৰ জলৰাশি নিজেৰ বুলি দাবী কৰিছে। তাইৱান দখলৰ হুংকাৰ দিছে। এইবোৰে দুয়োখন দেশক সংঘাতৰ পিনে লৈ গৈছে।

6 views0 comments