খ্ৰীষ্টান ধৰ্মৰ হিন্দুলৈ উভতিল বিজু : লক্ষীৰে মাজুলীত বৈদিক নিয়মেৰে পাতিলে বিয়া




ইছলামৰ লগতে ভাৰতীয় সনাতনী সভ্যতা-সংস্কৃতিৰ লগতে দেশখনৰ প্ৰান্তে প্ৰান্তে বসবাস কৰা খিলঞ্জীয়া জনজাতিৰ সভ্যতা আৰু সংস্কৃতিৰ অস্তিত্বৰ ভাবুকি কঢ়িয়াই আনিছে মিছনেৰী একাংশই। সমাজসেৱাৰ আঁৰ লৈ ধৰ্ম প্ৰচাৰ চলাই দেশখনৰ জনসাধাৰণক নিজৰ প্ৰাচীন ধৰ্মৰ পৰা প্ৰলোভন-কৌশলেৰে বিচ্যুত কৰি আহিছে। এনে সময়তে সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ পৰা আহিছে এটা ভাল খবৰ। নদীদ্বীপৰ দক্ষিণপাট গৃহাশ্ৰমী সত্ৰত খ্ৰীষ্টান ধৰ্ম এৰি হিন্দু ধৰ্মলৈ পুনৰ উভতি আহে। ধৰ্ম সলনি কৰিয়েই লখিমপুৰ জিলাৰ চাবতিৰ বিজয় বাস্ফৰে বৈদিক নিয়মেৰে জিলাখনৰ নকাৰীৰ লক্ষী হাজংৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিবাহখনত আগভাগ লয় বিশ্ব হিন্দু মহাসংঘৰ মাজুলী জিলা সমিতি আৰু হিন্দু যুৱ-ছাত্ৰ পৰিষদে।


দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ কীৰ্ত্তনঘৰত অনুষ্ঠিত বিবাহত উপস্থিত থাকে অঞ্চলটোৰ লোকসকলৰ লগতে বিশ্ব হিন্দু মহাসংঘৰ ৰাজ্যিক  সভাপতি জনাৰ্দন দেৱ গোস্বামী , মাজুলী জিলাৰ সভাপতি দিলীপ ওজা , সম্পাদক অঞ্জন শইকীয়া , হিন্দু যুৱ ছাত্ৰ পৰিষদৰ ৰাজ্যিক সাঃ সম্পাদক মাধৱ দাস , মাজুলী জিলাৰ সভাপতি মনু নেৱাৰ , সম্পাদক হৰি নৰহ , লক্ষিমপুৰ  জিলাৰ সভাপতি যুগ্মজ্যোতি আৰু সাধাৰণ সম্পাদক ৰূপম বৰাৰ লগতে দুয়োটা সংগঠনৰ   বিষয়ববীয়া ৷ স্থানীয় আইমাতৃৰ উৰুলি, বিয়ানামৰ মাজেৰে আধ্যাত্মিক পৰিৱেশ হোম-যজ্ঞৰ মাজেৰে অনুষ্ঠিত হয় বিয়াখন  । বিশ্ব হিন্দু মহাসংঘৰ ৰাজ্যিক সভাপতি জনাৰ্দ্দন দেৱ গোস্বামীয়ে  খ্ৰীষ্টানলৈ ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । এই বিবাহঠলীতে সত্ৰাধিকাৰগৰাকীয়ে খ্ৰীষ্টান ধৰ্মত থকা ব্যক্তিসকলক পুনৰ হিন্দু ধৰ্মলৈ ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা চলাই যোৱাৰ কথা উল্লেখ কৰে । মাজুলীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত খ্ৰীষ্টান মিছনেৰীসকলে অব্যাহত ৰাখিছে ধৰ্মান্তৰকৰণৰ  প্ৰচেষ্টা ৷ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰকসকলে বিশেষকৈ  হিন্দু ধৰ্মৰ একাংশ সংখ্যালঘু লোকক খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰি আহিছে ৷ ন- ন প্ৰলোভন , শিক্ষা , চিকিৎসা আদিৰ জৰিয়তে হিন্দু লোক খ্ৰীষ্ট ধৰ্মলৈ আৰ্কষিত কাৰাৰ চেষ্টা এইসকলৰ দীৰ্ঘদিনীয়া। যাক লৈ ইতিমধ্যে সৰ্বত্ৰে চৰ্চা অব্যাহত আছে ৷ কিন্তু ৰাজ্য আৰু দেশত  শেহতীয়াকৈ হিন্দু যুৱ-ছাত্ৰ পৰিষদ, বিশ্ব হিন্দু মহাসংঘকে ধৰি বহু হিন্দু সংগঠনে হিন্দু ধৰ্মৰ পৰা আন ধৰ্মলৈ ধমান্তৰিত হোৱা লোকসকলক পুনৰ স্বধৰ্মলৈ ঘূৰাই অনাৰ বাবে কাম কৰি আহিছে ৷ বৰদিনৰ প্ৰাকক্ষণত বিজু আৰু লক্ষীয়ে তুলি ধৰিলে সুন্দৰ নিৰ্দশন  ৷ এই সংগঠনকেইটাই লোৱা এই পদক্ষেপক আদৰণি জনাইছে সমাজৰ বিভিন্নজনে ৷

20 views0 comments