উত্তৰ শালমাৰাত বাইক-বাছৰ মুখামুখি সংঘৰ্ষ : এজনৰ মৃত্যু, পথতে জ্বলিল বাইক





বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত সোমবাৰে নিশা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা এটাত এজন বাইক আৰোহীৰ মৃত্যু হয়। ঘটনাটোৰ প্ৰায় লগে লগে বাইকখন ৰাজপথতে দাওদাওকৈ জ্বলি উঠে।


বাইকখনৰ সৈতে এখন যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ হয়। উত্তৰ শালমাৰাৰ চিলাৰায় জাতীয় বিদ্যালয়ৰ সমীপত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো। ধুবুৰী অভিমুখে গৈ থকা  AS 17B 6741নম্বৰৰ যাত্ৰীবাহী বাছৰ সৈতে বিপৰীত দিশৰ পৰা অহা  AS 19J -8399 নম্বৰৰ বাইকৰ মুখামুখি সংঘৰ্ষ হয় ৷ যাত্ৰীবাহী বাছখনে বহু দূৰ বাইকখন চোঁচৰাই নিয়ে। পিছত বাইকখন  হঠাতে জুই জ্বলি উঠে ।  নিহত বাইক আৰোহীজনক বৰঘোলা পাখিৰিগুৰিৰ ধনজিৎ দাস বুলি জানিব পৰা গৈছে ৷

5 views0 comments