ডিভাইডাৰত বাইকৰ খুন্দা : গহপুৰত এজনৰ মৃত্যু, আহত ২




সোমবাৰে নিশা গহপুৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা এটাত এজন লোকে প্ৰাণ হেৰুৱায়। ঘটনাটোত আহত হয় দুজন বাইক আৰোহী।



দুৰ্ঘটনাত পতিত তিনিওজন লোক এখন বাইকত উঠি আহিছিল। তীব্ৰবেগী বাইকখনেৰে পথৰ ডিভাইডাৰত খুন্দা মৰাত অঘটনটো ঘটে। ঘটনাত তিনিওজন বাইক আৰোহী আহত হয়। ইয়াৰে গুৰুতৰভাৱে আহত কংকণ বৰা নামৰ যুৱকজনৰ গহপুৰ চিকিৎসালয়ত মৃত্যু হয়। আনহাতে সংকটজনক অৱস্থাত আন দুজন আহতক নিশাই তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হয়।

2 views0 comments