শ্ৰীৰামপুৰত কোটিৰো অধিক টকাৰ দক্ষিণ কোৰিয়ান চিগাৰেট জব্দ



অসমৰ মাজেৰে উত্তৰপ্ৰদেশৰ লক্ষ্ণৌলৈ অবৈধভাৱে সৰবৰাহ কৰিব বিচৰা ১ কোটিৰো অধিক টকাৰ বিদেশী চিগাৰেট কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত জব্দ হয়। শ্ৰীৰামপুৰৰ শিমুলটাপু আৰক্ষী আৰু চিআৰপিএফৰ ১২৯নং বেটেলিয়নৰ এটা দলে ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই থাকোঁতে এপি-২২ টি-৪৬৫৫ নম্বৰৰ ট্ৰাকখন সন্দেহবশতঃ ৰখায়।তালাচীত ট্ৰাকখনৰ গোপন চেম্বাৰ এটাৰ পৰা ৭৫ কাৰ্টন বিদেশী চিগাৰেট জব্দ কৰে। চিগাৰেটখিনি দক্ষিণ কোৰিয়াত তৈয়াৰী আৰু ম্যানমাৰৰ পৰা নাগালেণ্ডলৈ গোপনে সৰবৰাহ কৰা হৈছিল। তাৰ পৰা কাৰ্বি আংলং জিলাৰ নাগালেণ্ড সীমান্তৰ খটখটীৰ পৰা ট্ৰাকখনেৰে উত্তৰপ্ৰদেশলৈ নিয়া চেষ্টা চলোৱা হয়।


শ্ৰীৰামপুৰ আৰক্ষীয়ে ট্ৰাকখনৰ চালক আৰু সহঃচালক জুলফিকৰ আলম আৰু আশ্বিফ আলীক গ্ৰেপ্তাৰ কৰি জেৰা চলাই আছে। উল্লেখ্য যে কাৰ্বি আংলঙৰ নাগালেণ্ড সীমান্তৰে অসম হৈ দেশৰ বিভিন্ন অঞ্চললৈ বিদেশী সামগ্ৰীৰ দীৰ্ঘদিন ধৰি চোৰাং সৰবৰাহ হৈ আছে। ড্ৰাগছো এই পথেৰে সৰবৰাহ হয়।

7 views0 comments