বিপিন ৰাৱাটৰ মৃত্যুত একাংশ ইছলামধৰ্মীৰ ইতিকিং : হিন্দু ধৰ্ম ল'ব আলী আকবৰে




দেশৰ প্ৰথমগৰাকী চিডিএছ জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুত হাঁহি একাংশ মুছলমানে প্ৰকাৰান্তৰে মাতৃভূমিৰ প্ৰতিয়েই কৰা ইতিকিঙক সহ্য কৰিব নোৱাৰিলে এজন মুছলমানে। তেওঁ ইছলাম ধৰ্মকে ত্যাগ কৰি হিন্দু ধৰ্ম আঁকোৱালি লয়। ব্যক্তিজন আন কোনো নহয়, চিনেমা পৰিচালক আলী আকবৰ। তেওঁ পত্নীৰে সৈতে ইছলাম ত্যাগ কৰি হিন্দু ধৰ্মত দীক্ষিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।


উল্লেখ্য যে জেনেৰেল ৰাৱাটৰ মৃত্যুত ভাৰতৰ এচাম মুছলমানে হাঁহিছিল। সামাজিক মাধ্যমত ইতিকিংসূচক মন্তব্য পোষ্ট আৰু মন্তব্য কৰিছিল। ভাৰতবৰ্ষৰ প্ৰতি সামান্যতমো শ্ৰদ্ধাশীল নোহোৱা জিন্নাৰ অনুগামীসকলৰ কাৰ্যই আলী আকবৰৰ মনত দুখ দিয়ে। এই সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয় যে চি ডি এছ বিপিন ৰাৱাটৰ মৃত্যুৰ পাছতে একাংশই যেনেদৰে হাঁহিছিল আৰু সন্তুষ্টি প্ৰকাশ কৰিছিল, সেই কাৰ্যত মই যথেষ্ট দুখ পাইছোঁ। যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণৰ কথা ভাবিছোঁ ।



তেওঁ আৰু কয়- বীৰ জোৱানসকলৰ মৃত্যু হোৱা ঘটনাক লৈ একাংশ ইছলাম ধৰ্মীয় গুৰুয়ে যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, মই দুখ পাইছোঁ। ইছলাম ধৰ্মৰ ওপৰত মোৰ বিশ্বাস উঠি গল। জন্মৰ পৰা পিন্ধি থকা এই পোছাক মই আজি খুলি পেলালোঁ।

উল্লেখ্য যে এই সন্দৰ্ভত এটা ভিডিঅ' ছচিয়েল মিডিয়াযোগে তেওঁ শ্বেয়াৰ কৰিছে।

34 views0 comments