অহা ১৫ নৱেম্বৰ তাৰিখে 'জনজাতীয় গৌৰৱ দিৱস' হিচাপে উদযাপিত হ'ব স্বাধীনতা সংগ্ৰামী বিৰছা মুণ্ডাৰ জন্ম ব





জনজাতীয় স্বাধীনতা সংগ্ৰামী বিৰছা মুণ্ডাৰ জন্মদিনটোক অহা ১৫ নৱেম্বৰ তাৰিখে 'জনজাতীয় গৌৰৱ দিৱস' হিচাপে উদযাপন কৰা হ'ব । উলগুলান (বিপ্লৱ) নামৰ শ্লোগানেৰে আন্দোলনৰ গুৰি ধৰা মুণ্ডাই শোষণকাৰী ব্ৰিটিছ ঔপনিবেশিক ব্যৱস্থাৰ বিৰুদ্ধে সাহসেৰে যুঁজিছিল । দেশজুৰি জনজাতীয় মানুহখিনিৰ বাবে মুণ্ডা ভগৱানস্বৰূপ আছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বহা কেন্দ্ৰীয় কেবিনেটে ১৫ নৱেম্বৰ দিনটোক 'জনজাতীয় গৌৰৱ দিৱস' হিচাপে পালন কৰিবলৈ অনুমোদন দিছে যাতে উঠি অহা প্ৰজন্মই এই মহান সংগ্ৰামীসকলে দেশৰ বাবে কৰা ত্যাগক সদায় স্মৰণ কৰিব পাৰে । খাচী, মিজো, টামাৰ আদি ভাৰতৰ জনজাতীয় গোষ্ঠীবোৰে ভাৰতৰ স্বাধীনতা আন্দোলনক মজবুত কৰিছিল । বৈপ্লৱিক আন্দোলন আৰু সংগ্ৰামত জনজাতীয় গোষ্ঠীবোৰৰ বিৰল ত্যাগ আৰু আশ্চৰ্যকৰ সাহসিকতা সদায় স্মৰণীয় । ২০১৬ চনৰ স্বাধীনতা দিৱসৰ দিনা চৰকাৰে দেশজুৰি দহটা জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয় স্থাপনৰ কথা ঘোষণা কৰিছিল । তাৰ ভিতৰত এটাৰ উদ্বোধন কৰা হ'ব ৰাচীত য'ত মুণ্ডাই শেষ নিশ্বাস ত্যাগ কৰিছিল । উদ্বোধন অনুষ্ঠানত জনজাতীয় লোকৰ অদ্বিতীয় সাংস্কৃতিক ঐতিহ্য, স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ অৱদান, প্ৰথাবোৰ, অধিকাৰ, ব্যঞ্জন, পৰম্পৰা, স্বাস্থ্য, শিক্ষা আৰু জীৱন-যাপন আদি প্ৰদৰ্শিত কৰা হ'ব ।

6 views0 comments