মাজুলীত বিজেপিৰ জয়, বিৰোধী ঐক্যক পুনৰ নাকচ জনসাধাৰণৰ



বিধানসভা, বিধানসভাৰ উপ-নিৰ্বাচন, পৌৰ নিৰ্বাচনৰ পিছত মাজুলীতো বিৰোধী ঐক্য নাকচ হ’ল। ৰাজ্যৰ অন্যতম গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামে সহজ বিজয় সাব্যস্ত কৰিলে। ভোটগণনাৰ তথ্য অনুসৰি, বিজয়ী প্ৰাৰ্থীগৰ্কীয়ে বিৰোধী ঐক্যৰ অজাপ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীক ৪১৫৩০ৰো অধিক ভোটত পৰাজিত কৰিছে। তেওঁ ৬৬,০৯৮টা ভোট লাভ কৰিছে। জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে ইয়াৰ আধাও ভোট লাভ কৰিবলৈ সক্ষম নহ’ল। তেওঁ ২৪,৬৬৪টা ভোট কৰে। অৱশ্যে আনুষ্ঠানিক ঘোষণা এতিয়াও বাকী।

ইফালে, মাজুলীৰ ফলাফলত এইটো কথা নিশ্চিত হৈ পৰে যে অসমত বিৰোধী ঐক্যৰ বিশেষ ৰাজনৈতিক মূল্য নাই। জনসাধাৰণ বিজেপি মিত্ৰজোঁটৰ পক্ষত। বিশেষকৈ বিজেপিৰ পক্ষত। ইয়াৰ পূৰ্বে বিধানসভা নিৰ্বাচত মহাজোঁট বান্ধি কংগ্ৰেছ, এআইইউডিএফকে ধৰি বিৰোধী শিবিৰে বিজেপিক প্ৰত্যাহ্বান জনাইছিল। সেই প্ৰচেষ্টাক ৰাইজে গ্ৰহণ নকৰিলে। তাৰ পিছত পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিৰোধী শিবিৰ ধৰাশায়ী হয়। শেহতীয়াকৈ পৌৰ নিৰ্বাচনতো বিৰোধীক একপ্ৰকাৰ ধূলিসাৎ কৰে অসমৰ জনসাধাৰণে। ভালদৰে প্ৰতিদ্বন্দ্বিতাকে আগবঢ়াব নোৱাৰিলে বিৰোধীয়ে। এজাক ধুমুহাৰ দৰে আদি সকলোকে মহটিয়াই নিলে বিজেপিয়ে। আনকি মিত্ৰদল অগপকো কেইবাঠাইত পৰাজিত কৰিলে। ভবা হৈছিল, দুই মিত্ৰদলৰ যুঁজত তৃতীয় পক্ষ লাভান্বিত হ’ব। কিন্তু ভোটাৰে কেৱল বিজেপিকহে গ্ৰহণ কৰিলে। অকুণ্ঠচিত্তে বিজেপিক ভোট দি তৃতীয়, দ্বিতীয় কাকোৱেই গ্ৰহণ নকৰিলে। এইবাৰ মাজুলীৰ পাল আছিল। মাজুলীৰ ভোটাৰেও বুজাই দিলে, অসমত স্বাৰ্থলোভী বিৰোধী ঐক্যৰ কোনো স্থান নাই।

4 views0 comments