তাজমহলৰ ভিতৰৰ ২০ কোঠা পৰীক্ষাৰ দাবী বিজেপি নেতাৰ : অসংখ্য হিন্দু দেৱ-দেৱীৰ মূৰ্তি আছে!



হিন্দুৰ মন্দিৰৰ ওপৰত প্ৰতিষ্ঠিত হৈছে বিশ্বৰ সপ্তম আশ্বৰ্যৰ অন্যতম তাজমহল। দীৰ্ঘদিন ধৰি এই দাবী-অভিযোগ উত্থাপন হৈ আহিছে। অৱশ্যে আক্ৰমণকাৰী মোগলে তেতিয়াই সনাতনী সভ্যতা-সংস্কৃতিক ধ্বংস কৰি ভাৰতত মোগলৰ সভ্যতা আৰু সংস্কৃতিক প্ৰতিষ্ঠা কৰিবলৈ অপচেষ্টা কৰা ধাৰাটো আজিও একাংশ তথাকথিত ভাৰতীয় মোগলে চেষ্টা চলাই আছে। ইয়াৰ মাজতে তাজমহলক লৈ বিজেপি নেতা এজন সৰৱ হৈ উঠিছে। তেওঁ তাজমহলৰ ভিতৰত থকা ২০টা ঘৰ খুলি পৰীক্ষা কৰিবলৈ দাবী জনাইছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে বাৰাণসীৰ জ্ঞানবাপী মছজিদক লৈ এখন আদালতে শেহতীয়াকৈ নিৰ্দেশ এটা দিছে। নিৰ্দেশটোত মছজিদটো মন্দিৰ ভাঙি নিৰ্মাণ হৈছিল নেকি, তাক পৰীক্ষাৰ বাবে পূৰাতত্ব বিভাগক পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। জ্ঞানবাপী মছজিদক লৈ আদালতৰ নিৰ্দেশৰ পিছতে বিজেপিৰ নেতাজন তাজমহলক লৈ সৰৱ হৈ পৰিছে। উত্তৰপ্ৰদেশৰ বিজেপি নেতাজনে দাবী কৰে যেতাজমহলৰ ভিতৰত অসংখ্য হিন্দু দেৱ-দেৱীৰ মূৰ্তি আৰু সনাতনী ধৰ্মৰ নিদৰ্শন আছে।


সেই তথ্য প্রকাশ্যে আনিবলৈ আদালতৰ দ্বাৰস্থ হৈছে বিজেপি নেতাজন।

এলাহাবাদ উচ্চ ন্যায়ালৰ লক্ষ্ণৌ বেঞ্চত আবেদন দাখিল কৰিছে বিজেপির অযোধ্যা জিলাৰ দায়িত্বপ্রাপ্ত নেতা ৰজনীশ সিঙে। তেওঁৰ দাবী, তাজমহলৰ ভিতৰত ২০টা ঘৰ বন্ধ কৰি ৰখা হৈছে। তাতঅসংখ্য হিন্দু দেৱ-দেৱীৰ মূর্তি আৰু সনাতন ধর্মৰ নির্দশন লুকাই ৰখা আছে। ৰজনীশ সিঙৰ আৰ্জি- ‘আর্কিঅ’লজিকেল ছার্ভে অৱ ইন্ডিয়া’ক (ASI) সেই ঘৰসমূহ খুলিবলৈ আদালতে নির্দেশ দিয়ক। তেতিয়া প্ৰকৃত সত্যটো পোহৰলৈ আহিব বুলিও তেওঁ দাবী কৰে।


ৰজনীশ সিঙে কৈছ, তাজমহলক লৈ বিতর্ক বহু পুৰণি। এই ঐতিহাসিক নিদর্শনৰ ভিতৰত ২০টা ঘৰ তলাবন্ধ। তাত কাকোৱেই সোমাবলৈ দিয়া নহয়। সম্ভৱতঃ তাৰ ভিতৰত হিন্দু দেৱ-দেৱীৰ মূর্তি (Hindu Idols) আছে। গোপনে ৰখা হৈছে সনাতন ধর্মৰ বহু নির্দশন। তেওঁ লগতে কয়,”মই আদালতত আবেদন কৰিছো যাতে আদালতে এএছআইক ঘৰকেইটা খোলাৰ নির্দেশ দিয়ে। ঘৰকেইটা খোলাত অসুবিধা একো অসুবিধা নাি। কিন্তু সিয়ে বহু পুৰণি বিতর্কৰ অৱসান ঘটাব।”

ৰজনিশ সিঙে াদালতত দাখিল কৰা আৰ্জিত ৰাজ্য চৰকাৰক এখন সমিতি কৰাৰ বাবে নির্দেশ দিবলৈ আদালতক কৈছে। সমিতিৰ কাম হ’ব, তাত হিন্দু ধৰ্মৰ কিবা নিৰ্দশন আছে নে নাই, সেইটো পৰীক্ষা কৰা।

ইফালে, বিজেপি সাংসদ বিনয় কাটিহাৰে কয় যে আগ্ৰাত যুমানৰ তীৰত একমাত্ৰ একমাত্র তেজোমহলৰহে অস্তিত্ব থকা উচিত। বিজেপিৰ এই সাংসদগৰাকীয়ে এসময়ত দাবী কৰিছিল যে আগ্রাত বৰ্তমানে যি স্থানত তাজমহল থিয় হৈ আছে, তাত তেজোমহল নামৰ এটা হিন্দু মন্দিৰ আছিল।


এইবাৰ জ্ঞানবাপী মছজিদৰ প্ৰসংগলৈ অহা যাওক। শৃংগাৰ গৌৰীৰ মন্দিৰৰ এটা অংশ দখল কৰি নিৰ্মাণ হৈছে বাৰাণসীৰ জ্ঞানবাপী মছজিদ। এই অভিযোগ কৰি বাৰাণসীৰ চিভিল আদালতৰ দ্বাৰস্থ হৈছে এটা পক্ষ। গোচৰটোৰ শুনানিত মছজিদৰ ভিতৰত সমীক্ষা কৰাৰ নির্দেশ দিছে আদালতে। আর্কিঅ’লজিকেল ছার্ভে অৱ ইণ্ডিয়া তত্বাৱধানত সমীক্ষাটো হ’ব।সমগ্ৰ প্রক্রিয়াৰ ভিডিঅ’গ্ৰাফী কৰিবলৈও আাদালতে নিৰ্দেশ দিছে। করতে হবে ভিডিওগ্রাফিও।


ইফালে, প্রাথমিকভাৱে সেই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল মছজিদ পৰিচালনাৰ দায়িত্বত থকা আঞ্জুমান-ই-আন্ত্রাজিয়া কমিটী। কিন্তু কঠোৰ নিৰাপত্তাৰ চৰ্তত সমীক্ষাৰ কাম শুকুৰবাৰে নির্বিঘ্নেই সম্পন্ন হয়।

কিন্তু বিষয়টোত মুখ চুপতি মাৰিবলৈ আগবাঢ়ি আহিছে

অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমিন নেতা আছাদউদ্দিন ৱাইছি। আদালতৰ সিদ্ধান্তৰ কঠোৰ সমালোচনা কৰি তেওঁ কয়, জ্ঞানবাপী মছজিদত সমীক্ষা কৰোৱাৰ সিদ্ধান্ত সংবিধানবিৰোধী।

4 views0 comments