ভাৰতক যিকোনো মূল্যৰ বিনিময়ত হিন্দু ৰাষ্ট্ৰ গঠনৰ শপত বিজেপি বিধায়কৰ




ভাৰতবৰ্ষক ‘হিন্দু ৰাষ্ট্র’ (Hindu Rashtra) হিচাপে গঢ়ি তোলাৰ শপথ ল'লে হাৰিয়ানাৰ এজন বিজেপি বিধায়ক। শপতগ্ৰহণৰ ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত দেখা গৈছে বিজেপি বিধায়কজনৰ নেতৃত্বত কেইবাজনো লোকে ভাৰতক হিন্দু ৰাষ্ট্র ৰূপে গঢ়াৰ শপত লৈছে। শপতগ্ৰহণৰ অনুষ্ঠানটোত তেওঁলোকে কয় যে ইয়াৰ বাবে তেওঁলোকে যিকোনো ধৰণৰ ত্যাগ স্বীকাৰ কৰিবলৈ সাজু আছে। অনুষ্ঠানত আছিল সুদর্শন টিভিৰ (Sudarshan TV) প্রধান সম্পাদকজনো।


ভাইৰেল ভিডিঅ'টোত দেখা গৈছে, হাৰিয়ানাৰ আম্বালাৰ বিজেপি বিধায়ক অসীম গোয়েলক। জানিব পৰা মতে শপতগ্রহণ অনুষ্ঠানটো হৈছিল যোৱা দেওবাৰে। ভিডিঅ'টোত সুদর্শন টিভিৰ প্রধান সুৰেশ চভনকেকো (Suresh Chavhanke) দেখা গৈছে। চভনকে নিজেই শপতগ্রহণ অনুষ্ঠানৰ ভিডিঅ' ক্লিপিং টুইটাৰত শ্বেয়াৰ কৰে। ভিডিঅ'টোত দেখা গৈছে, আমি হিন্দুস্তানক হিন্দু ৰাষ্ট্র হিচাপে গঢ়ি তুলিবলৈ যাৱতীয় ত্যাগ স্বীকাৰ কৰিম। যে কোনো মূল্যৰলবিনিময়ত এই কাম কৰিম। আমাৰ পূর্বপুৰুষসকলে যেন আমাদটক সেই শক্তি দিয়ে। ইয়াৰ বিজেপি বিধায়কসহ অন্যান্যসকলেও একেই বাক্য উচ্চাৰণ কৰেন।


প্ৰাপ্ত খবৰ অনুসৰি, আম্বালাৰ(Ambala) আগৰৱাল ভৱনত ট শপতগ্রহণ অনুষ্ঠানৰ আয়োজন কৰিছিল সমাজিক চেতনা সংগঠন (Samajik Chetna Sangathan)। ইফালে, ঘটনাটো পোহৰলৈ অহাৰ পিছত বিজেপি বিধায়কজনে কার্যত কোনো ধৰণৰ লুকঢাক কৰা নাই। তেওঁ কয়, “বিজেপি বিধায়ক হিচাপে নহয়, মই এজন হিন্দু হিচাপে সেই শপত লৈছোঁ। এজন হিন্দু হিচাপে মই গর্বিত।”


বিধায়ক অসীম গোয়েলে আৰু কয়, ইছলাম আৰু খ্রিষ্টান ধর্মৰ মানুহো এজন হিন্দু, যদি তেওঁৰ ভাৰতৰ প্রতি শ্রদ্ধা থাকে। ইয়াত যিয়ে থাকিব বিচাৰে তেওঁ হিন্দু ৰাষ্ট্র অনুসৰি ভাৰতীয় হিচাপে ইয়াত থাকিব লাগিব।



উল্লেখ্য যে একাধিকবাৰ ভাৰতক হিন্দু ৰাষ্ট্র হিচাপে দাবী কৰিছে আৰএছএছ (RSS)। সংঘপ্রধান মোহন ভাগৱতৰ কথাত, ভাৰত হিন্দু ৰাষ্ট্র, ইয়াক লৈ কোনৌ সন্দেহৰ অৱকাশ নাই।

4 views0 comments