বংগত ১৫৪ কোটি ব্যয় কৰি বাজী জিকিল মমতাই, বিজেপিৰ খৰছ ১৫১ কোটি টকা




প্ৰায় ৮ মাহ পূৰ্বে অসমসহ দেশৰ ৫খন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়। নিৰ্বাচনত পানীৰ দৰে ধন খৰছ কৰিছিল একাংশ ৰাজনৈতিক দলে। অসমত বিজেপিয়ে ৪৩.৮১ কোটি টকা ব্যয় কৰিছিল। লক্ষণীয়ভাৱে ৰাষ্ট্ৰীয় দলটোৱে অসমৰ তুলনাত প্ৰায় চাৰিগুণ অধিক ধন পশ্চিমবংগত ব্যয় কৰে। কিন্তু ৰাজ্যখনত কাংক্ষিত ফল লাভ কৰিবলৈ সক্ষম নহ'ল।


নিৰ্বাচন আয়োগক বিজেপিয়ে জমা দিয়া খৰছৰ বিৱৰণ অনুসৰি, ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত দলটোৱে ব্যয় কৰে 252,02,71,753 টকা। তাৰে অকল 151 কোটি টকা পশ্চিমবংগত খৰছ কৰা হয়। অৰ্থাৎ মুঠ ব্যয়ৰ ৬০ শতাংশ ধন পশ্চিমবংগত খৰছ কৰা হয়। ইয়াৰ পৰাই বুজিব পাৰি যে পশ্চিমবংগ দখলৰ বাবে বিজেপি কিমান গম্ভীৰ আছিল। ইয়াৰ বিপৰীতে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে 154.28 কোটি টকা খৰচ কৰি বাজী জিকি যায়। বিজেপিয়ে ৭৭খন আসন লাভ কৰে।


ইফালে, বিধানসভা নিৰ্বাচনত বিজেপিয়ে পুডুচেৰীত ৪.৭৯ কোটি টকা, তামিলনাডুত ২২.৯৭ কোটি টকা, কেৰালাত ২৯.২৪ কোটি টকা খৰচ কৰে।

9 views0 comments