ফেব্ৰুৱাৰীত অসমত পৌৰ নিৰ্বাচন : মিত্ৰজোঁটত এৰি অকলে যুঁজিব বিজেপিয়ে




দুমাহ পাছতে অৰ্থাৎ ফেব্ৰুৱাৰীত অসমত অনুষ্ঠিত হ'ব পৌৰ নিৰ্বাচন। নিৰ্বাচনত বিজেপিয়ে মিত্ৰজোঁটৰ ছাতিটোৰ পৰা আঁতৰি আহি অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে। বৃহস্পতিবাৰে বঙাইগাঁৱত এই ইংগিত দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ সাংবাদিকৰ আগত কয় যে লোকসভা আৰু বিধানসভা নিৰ্বাচনত মিত্ৰতা আছিল যদিও পৌৰ নিৰ্বাচনত মিত্ৰতাৰ সিদ্ধান্ত বিজেপিৰ জিলা সমিতিসমূহে গ্ৰহণ কৰিব। অৰ্থাৎ মিত্ৰতাৰ সিদ্ধান্ত ৰাজ্যিক পৰ্যায়ত নহয়, জিলা স্তৰত লোৱা হ'ব। ইয়ে পৌৰ নিৰ্বাচনত বিজেপিয়ে মিত্ৰজোঁটৰ অংশীদাৰ দলকেইটাৰ সৈতে যে মিত্ৰতাত আবদ্ধ হৈ অৱতীৰ্ণ নহয়, সেইটো একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে।




উল্লেখ্য যে অসমত বর্তমান ৩৪খন পৌৰসভা, ৬৬খন নগৰ সমিতি আছে৷ একমাত্ৰ পৌৰ নিগম হিচাপে আছে গুৱাহাটী পৌৰ নিগম৷ পৌৰসভা ৩৪খন হৈছে– পলাশবাৰী, ৰঙিয়া, নলবাৰী, বৰপেটা, বৰপেটাৰোড, মঙলদৈ, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, মৰিগাঁও, নগাঁও, ধিং, হোজাই, লংকা, লামডিং, তেজপুৰ, ঢ়েকীয়াজুলি, বিশ্বনাথ চাৰিআলি, গোলাঘাট, দেৰগাঁও, যোৰহাট, শিৱসাগৰ, নাজিৰা, আমগুৰি, সোণাৰি, উত্তৰ লখিমপুৰ, বিহপুৰীয়া, ডিব্রুগড়, তিনিচুকীয়া, হাইলাকান্দি, শিলচৰ, লক্ষীপুৰ (কাছাৰ), কৰিমগঞ্জ আৰু কোকৰাঝাৰ৷ সেইদৰে ৬৬খন নগৰ সমিতি হৈছে– উত্তৰ গুৱাহাটী, টিহু, পাঠশালা, হাউলী, সর্থেবাৰী, সৰভোগ, পাটাছাৰকুছি, খাৰুপেটীয়া, গৌৰীপুৰ, বিলাসীপাৰা, চাপৰ, সাপটগ্রাম, গোলকগঞ্জ, লক্ষীপুৰ (গোৱালপাৰা), অভয়াপুৰী, কামপুৰ, ৰহা, ডবকা, ৰঙাপৰা, জামুগুৰিহাট, গহপুৰ, চতিয়া, বোকাখাত, সৰুপথাৰ, বৰপথাৰ, মৰিয়নি, তিতাবৰ, টীয়ক, মাজুলী, শিমলুগুৰি, ডিমৌ, মৰাণ, ঢ়কুৱাখনা, নাৰায়ণপুৰ, নাহৰকটীয়া, চাবুৱা, নামৰূপ, ডুমডুমা, মাকুম, ডিগবৈ, মার্ঘেৰিটা, চপাখোৱা, লালা, সোণাই, বদৰপুৰ, ধেমাজি, চিলাপথাৰ, ওদালগুৰি, টংলা, বিজনী, কাজলগাঁও, বাসুগাঁও, গোসাঁইগাঁও, ডিফু, ডকমকা, বোকাজান, বকলীয়া, হাওৰাঘাট, লাংহিন, হামৰেণ, ডংকামোকাম, উমৰাংছ’, হাফলং, মাহুৰ, মাইবং আৰু গোৰেশ্বৰ৷ অৱশ্যে ষষ্ঠ অনুসূচীৰ অধীনস্থ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ, ডিমাছা স্বায়ত্তশাসিত পৰিষদ আৰু বিটিআৰত নিৰ্বাচন অনুষ্ঠিত হ'বনে, সেইটো স্পষ্ট নহয়।

4 views0 comments