বলীউড অভিনেত্ৰী কংগনা ৰানাৱটক হত্যাৰ ভাবুকি : থানাত তৰিলে গোচৰ





অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছৰে পৰা বিভিন্ন বিষয়ত সততে চৰ্চাত থকা বলীউড অভিনেত্ৰী কংগনা ৰানাৱট পুনৰ সংবাদ শীৰ্ষলৈ আহিছে। অভিনেত্ৰীগৰাকীয়ে লাভ কৰিছে হত্যাৰ ভাবুকি। ততালিকে তেওঁ বিষয়টো আৰক্ষীক অৱগত কৰাৰ লগতে দাখিল কৰা এজাহাৰত ভাটিণ্ডাৰ এজন ব্যক্তিৰ নামো উল্লেখ কৰিছে।


হত্যাৰ ভাবুকি লাভ কৰা কথাটো অভিনেত্ৰীগৰাকীয়ে নিজেই সামাজিক মাধ্যমত সদৰী কৰিছে। এটা দীঘলীয়া পোষ্টত তেওঁ লিখিছে- মুম্বাইত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ স্মৃতিত মই লিখিছিলো যে বিশ্বাসঘাতকসকলক কেতিয়াও ক্ষমা নকৰিব। কদাপি নাপাহৰিব। এনে ধৰণৰ ঘটনাৰ সৈতে ঘৰৰ ভিতৰৰ বিশ্বাসঘাতকৰ হাত থাকে। অন্যথা মুম্বাইৰ ভিতৰলৈ সোমাই আহি পাকিস্তানী সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিবলৈ সাহস কৰিব নোৱাৰে।


'শ্বহীদৰ স্মৰণত লিখা পোষ্টটোত ভাৰতৰ বিভাজনকামী শক্তিয়ে মোক নিৰন্তৰ আক্ৰমণ কৰি আছে। ভাটিণ্ডাৰ এই ভাই চাহাবে মোক নুকলিকৈ হত্যাৰ ভাবুকি দিছে।'- তেওঁ কয়। তেওঁ কয় যে তেওঁ মোক ৰেহাই নিদিয়ে আৰু উধম সিঙে জেনেৰেল ডায়াৰক লোৱাৰ দৰে প্ৰতিশোধ ল'ব।


পোষ্টটোত পঞ্জাবৰ সমাগত বিধানসভা নির্বাচন, কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীকে ধৰি বিভিন্ন পক্ষক অভিনেত্ৰীগৰাকীয়ে প্ৰসংগক্ৰমে টানি আনি সমালোচনা কৰে। তেওঁ কয় যে ঘটনা সন্দৰ্ভত মই এজাহাৰ দাখিল কৰিছোঁ। আশা কৰোঁ, পঞ্জাব চৰকাৰে শীঘ্ৰেই যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব

4 views0 comments