দালালক টকা দিলেই পাৰ হ'ব পাৰি সীমান্ত : কৰিমগঞ্জত দুই অবৈধ বাংলাদেশীক গ্ৰেপ্তাৰ




মাথোঁ কেইটামান টকা দিলে সীমান্ত অতিক্ৰমি বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিব পাৰি। ভাৰতৰে দালাল এচামৰ বাবে সম্ভৱ হৈছে এই বিপজ্জনক কাণ্ড। পশ্চিমবংগ আৰু ত্ৰিপুৰা সিমান্তৰে এইদৰে প্ৰায় প্ৰতিদিনে অবৈধ বাংলাদেশী ভাৰতত প্ৰৱেশ কৰে। শেহতীয়াকৈ তেনে দুজন অবৈধ বাংলাদেশী নাগৰিকক কৰিমগঞ্জৰ চূড়াইবাৰী আৰক্ষীয়ে নৈশ বাছত তালাচী চলাই গ্ৰেপ্তাৰ কৰে। আগৰতলাৰ পৰা এ এছ- ০১ এইচ চি-৬২৬৯ নম্বৰৰ নৈশ বাছখনত উঠি অহা দুয়োকে অসমৰ প্ৰৱেশদ্বাৰত গ্ৰেপ্তাৰ কৰা হয়।


অবৈধ বাংলাদেশী নাগৰিক দুজনে বাংলাদেশৰ গোপালগঞ্জৰ পৰা ত্ৰিপুৰাৰ আগৰতলা আখাউৰা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল। আৰক্ষীৰ জেৰাত মাচুম বিল্লা (১৮) আৰু শ্বেখ বাপ্পি (৩৩) নামৰ বাংলাদেশীদ্বয়ে কয় যে অসম হৈ তেওঁলোকে কলকাতালৈ যোৱাৰ পৰিকল্পনা কৰিছিল। দুয়োজনে তিনি হাজাৰ টকাকৈ দালালক আদায় দি আগৰতলাৰ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰে।


এতিয়া প্ৰশ্ন হ'ল, দালালে সৰকোৱা ধনৰ অংশ সীমান্তৰ কোন প্ৰভাৱশালী লোকে লাভ কৰে? যাৰ বাবে বিনাবাধাৰে বাংলাদেশৰ পৰা ভাৰতলৈ অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশ সম্ভৱ হয়। দেশৰ সাৰ্বভৌমত্ব আৰু জনগাঁথনি সলনি কৰাৰ চক্ৰান্তত ধনৰ বিনিময়ত কোনে শক্ৰুক বৰপীৰা পাৰি আদৰণি জনাই আছে?

5 views0 comments