সীমা সমস্যা : আজি লাম্পীত সীমান্তবাসীৰ মাজলৈ যাব অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰী




অসম-মেঘালয়ৰ মাজত দীৰ্ঘদিন ধৰি থকা সীমা বিবাদৰ অন্ত পেলাবলৈ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী তৎপৰ হৈ পৰিছে। সমস্যাটো সমাধানৰ বাবে সমিতি গঠন হৈছে, সীমান্তবাসীৰ মতামত গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰে অংশ হিচাপে মঙলবাৰে সীমান্তবাসীৰ মনৰ বতৰা ল'বলৈ চিৰসেউজ লাম্পীত উপস্থিত হ'ব অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমা। জানিব পৰা মতে, লাম্পীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া প্ৰথমটো ভ্ৰমণ।


দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত যাতে কোনো অশান্তিময় পৰিস্থিতি নহয়, তাৰ বাবে লাম্পীত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী

2 views0 comments