সীমা সমস্যা : আজি অসম–মিজোৰামৰ মুখ্যমন্ত্ৰীৰে গুৰুত্বপূৰ্ণ বৈঠক অমিত শ্বাহৰ




অসম-মিজোৰামৰ মাজত বিৰাজমান সীমা সমস্যা সমাধানৰ উদ্যোগ লৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। সমস্যাটোক সংকটৰ পৰা সমাধানৰ দিশে লৈ যোৱাৰ উদ্দেশ্যে বৃহস্পতিবাৰ অৰ্থাৎ আজি অসম আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীৰ সৈতে একেলগে বৈঠকত বহিব গৃহমন্ত্ৰীগৰাকী।



জানিব পৰা মতে, গৃহমন্ত্রীৰ আমন্ত্রণমর্মে মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগা ইতিমধ্যে দিল্লীত উপস্থিত হৈছে। কিন্তু পূর্বনির্ধাৰিত কার্যসূচী অনুসৰি বঙাইগাঁৱত কেবিনেট বৈঠকত ভাগ লোৱা হেতু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা দিল্লীলৈ যাব পৰা নাই। তেওঁ আজি বিয়লি গুৱাহাটীৰ পৰা দিল্লীলৈ ৰাওনা হ'ব। নিশা ৬এ কৃষ্ণ মেনন মার্গস্থিত গৃহমন্ত্রীৰ চৰকাৰী বাসভৱনত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰী শ্বাহৰ সৈতে বৈঠকত মিলিত হ’ব।


প্ৰাপ্ত তথ্য অনুসৰি, বৈঠকত অসম আৰু মিজোৰামৰ সীমা বিবাদৰ ক্ষেত্রত মধ্যস্থতাকাৰীৰ ভূমিকা ল’ব অমিত শ্বাহে৷ উল্লেখ্য যে দুয়ো ৰাজ্যৰ মাজত থকা সীমা বিবাদ নিষ্পত্তিৰ বাবে ৰাজনৈতিক পর্যায়ত আলোচনাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রীজনে পূর্বে দুয়ো মুখ্যমন্ত্রীক পৰামর্শ দিছিল৷

5 views0 comments