সীমান্ত শেখৰৰ নিযুক্তিত ফিল্ম ফেটাৰনিটী অসন্তুষ্ট : জুবিন গাৰ্গ




জনপ্ৰিয় গায়ক সীমান্ত শেখৰক অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ ৰূপে চৰকাৰে দিয়া নিযুক্তিত সন্তুষ্ট নহয় অসমীয়া চলচ্চিত্ৰ জগতখনৰ লোক। তেওঁলোকৰ মনোবেদনা প্ৰকাশ পাইছে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বক্তব্যত। শুকুৰবাৰে ঘগ্ৰাপাৰত ৰঙালাউ বিক্ৰীৰ এটা অনুষ্ঠানত তেওঁ সাংবাদিকৰ আগত কয় যে সীমান্ত শেখৰ সংগীত জগতৰ লোক। তেওঁৰ চিনেমাৰে বিশেষ সম্পৰ্ক নাই। তেওঁ দায়িত্ব লাভ কৰিলেই যেতিয়া মোৰ ক'বলগীয়া একো নাই। উদ্যোগটোৰ বাবে কাম কৰক। ফিল্ম ফেটাৰনিটী অসন্তুষ্ট। এতিয়া অসন্তুষ্টিখিনি নাইকিয়া কৰিবলৈ বা ছবি উদ্যোগটোৰ বিকাশৰ বাবে কাম কৰক সীমান্ত শেখৰে।


জুবিন গাৰ্গে কয়, ফিল্ম ফেটাৰ্নিটীৰ বহুলোক অসন্তুষ্ট হৈছে। কাৰণ সীমান্ত চিনেমাৰ লগত নহয়, গীতৰ লগতহে জড়িত। সকলোৱে বিচাৰিছিল এজন অভিজ্ঞ আৰু ছবিৰ লগত জড়িত লোকক এই পদবী দিয়া হওক। কিন্তু দিলেই যেতিয়া এতিয়া আৰু ক'বলগীয়া নাই। ভালকৈ কাম কৰক। আমাৰ ছবি উদ্যোগটোক সাংস্কৃতিক মন্ত্ৰী বা মুখ্যমন্ত্ৰীয়েই হওক, সকলোৱে ডাঙৰ কৈ চাব লাগে। আমাৰ সকলোৰে গুৰু দায়িত্ব আছে।'


জুবিন গাৰ্গে সীমান্ত শেখৰৰ নিজৰ ভাতৃসম বুলিও উল্লেখ কৰে।

9 views0 comments