সীমাহীন লুণ্ঠন : ৰৌণক আলী হাজৰিকাৰ পত্নীৰ সম্পত্তিৰ পৰিমাণ ৫০০ কোটি টকা




আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ গোচৰত গ্রেপ্তাৰ হোৱা ডিআইজি ৰৌণক আলী হাজৰিকাৰ পত্নীৰ সম্পত্তিৰ পৰিমাণ শুনিলে যিকোনো মানুহ অবাক হৈ পৰিব। প্ৰায় ৫০০ কোটি টকা। এজন ডিআইজিৰ পত্নীৰ নামত এই বিপুল পৰিমাণৰ অৰ্থ-সম্পত্তিৰ ভাণ্ডাৰৰ সন্ধান পাই তদন্তকাৰী আৰক্ষীও স্তম্ভিত হৈ পৰিছে। ব্তনভোগী আৰক্ষী বিষষা এজনৰ পত্নীয়ে কিদৰে ইমান সম্পত্তিৰ গৰাকী হৈ পৰিল? আৰক্ষী বিষয়া এজনে চৰকাৰৰ পৰা লাভ দৰমহা তথা সকলো সা-সুবিধাৰে ইমান সম্পত্তিৰ এক শতাংশৰো গৰাকী হোৱাটো সম্ভৱপৰ নহয়।


উল্লেখ্য যে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে ৰৌণক আলী হাজৰিকাৰ পত্নী নুছৰত আলী হাজৰিকাক প্রায় তিনি ঘণ্টাজুৰি জেৰা চলাইছিল। জেৰাত নুছৰত আলী হাজৰিকাৰ বিশাল অৰ্থ-সম্পত্তিৰ তথ্য পোহৰলৈ অহা বুলি জানিব পৰা গৈছে৷ গোচৰটোৰ তদন্তৰ সময়ত নুছৰত ৰৌণক আলী হাজৰিকাই আদালতত দিয়া জবানবন্দী আৰু মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ আগত দিয়া জবানবন্দীৰ মাজত থকা পার্থক্যৰ বাবে তেওঁক জেৰা চলোৱা হয়৷ তদাৰকী কোষৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতাৰ নেতৃত্বত এটা দলে তেওঁক জেৰা কৰে৷ এই জেৰাৰ সময়ত ডি আই জি ৰৌণক আলী হাজৰিকাৰ সম্পত্তি আহৰণ আৰু উৎসৰ লগতে আন আন তথ্য সন্দর্ভত নুছৰতক প্রশ্ন কৰা বুলি জানিব পৰা গৈছে৷




উল্লেখ্য যে সংশ্লিষ্ট কর্তৃপক্ষৰ অনুমতি অবিহনে বিদেশ ভ্রমণ আৰু আয় অনুপাতে সামঞ্জস্যহীন সম্পত্তিৰ গৰাকী হোৱাৰ অভিযোগত ৰৌণক আলী হাজৰিকাক গ্রেপ্তাৰ কৰা হৈছে৷ উচ্চপদস্থ আৰক্ষী বিষয়াজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পাছতে তেওঁৰ নামে–বেনামে গঢ়া সম্পত্তিৰ তথ্য পোহৰলৈ আহে৷

10 views0 comments