BRAIN DEAD ব্যক্তিয়ে নতুন জীৱন দিলে ৭ গৰাকীকৈ ব্যক্তিক : কৰ্কট ৰোগী কন্যাক লৈ এতিয়া সংগ্ৰাম কৰিব লাগ






এগৰাকী BRAIN DEAD ব্যক্তি । যি গৰাকী ব্যক্তিৰ পৰা ভাৰতত প্ৰথমবাৰৰ বাবে সংগ্ৰহ কৰা হ'ল ৮ টাকৈ অংগ। কেৰালাৰ এগৰাকী ব্যক্তি যি গৰাকীৰ নাম এছ বিনোদ। এই ব্যক্তিগৰাকীৰ এগৰাকী কন্যা কৰ্কট ৰোগী। বুধবাৰৰ দিনটোত এই ব্যক্তিগৰাকীৰ পৰা সৰ্বাধিক সংখ্যক অংগ সংগ্ৰহ কৰা হয় যাৰ ফলত সাতজন ব্যক্তিক নতুন জীৱন প্ৰদান কৰিব পৰা গ'ল।



তিৰুৱন্তপুৰম চিকিৎসা মহাবিদ্যালয়ত কৰা এইটো আছিল প্ৰথম বহু-অংগ পুনৰুদ্ধাৰ প্ৰক্ৰিয়া । BRAIN DEAD বিনোদৰ হৃদযন্ত্ৰ চেন্নাইৰ এমজিএম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। কিমছ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল এটা বৃক্ক, তিৰুৱন্তপুৰম এমচিএইচলৈ আন এটা বৃক্ক , কান্ধসহ দুয়োখন বাহু কোচিৰ অমৃতা চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানলৈ (এআইএমএছ) আৰু তিৰুৱন্তপুৰমৰ আঞ্চলিক চকু বিজ্ঞান প্ৰতিষ্ঠানলৈ চকু (কৰ্ণিয়া) প্ৰেৰণ কৰা হৈছিল। ই তিৰুৱন্তপুৰম এমচিএইচক ১০০ তম বৃক্ক সংৰোপণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাত সহায় কৰিছিল।



৫৪ বছৰীয়া বিনোদৰ মটৰ চাইকেল ২ ডিচেম্বৰত কোল্লামৰ কাল্লুমথাজমৰ ওচৰত এখন ব্যক্তিগত বাছৰ দুৰ্ঘটনা হয়। যাৰ ফলত মূৰত আঘাত পাইছিল বিনোদে। মঙলবাৰে তিৰুৱন্তপুৰম এমচিএইচত তেওঁক BRAIN DEAD হিচাপে ঘোষণা কৰা হৈছিল।



এটা ভাড়াঘৰত বাস কৰিছিল ব্যক্তিগৰাকীৰ পৰিয়াল। পৰিয়ালৰ সদস্যক চিকিৎসকে অংগ প্রদান কৰিবলৈ সৈমান কৰাৰ পিছত বিনোদৰ অংগ দান কৰিবলৈ তেওঁলোক সন্মত হৈছিল।



তেওঁৰ কন্যা গীথু এগৰাকী কৰ্কট ৰোগী আৰু এমচিএইচত চিকিৎসাধীন হৈ আছে। কোভিড পৰিস্থিতিৰ বাবে উপসাগৰীয় দেশ এখনত ৰান্ধনী হিচাপে চাকৰি হেৰুওৱা বিনোদে পত্নী সুজাতা আৰু কন্যা গীতু আৰু নীথুক এৰি থৈ গৈছে।

7 views0 comments