পহিলা ফেব্ৰুৱাৰীত বাজেট : দেশৰ জনগণে গুগলত ইয়াক লৈ কি বিচাৰিছে জানেনে?




বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে অহা পহিলা ফেব্ৰুৱাৰীত সংসদত ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিব। কৰোনাকালত প্ৰস্তুত বাজেটখনক লৈ দেশবাসীৰ আশা বহুত। সকলোৱে আশা কৰিছে বাজেটখনে দেশৰ অৰ্থনীতিক গতি দিবলৈ সক্ষম হওক। জনসাধাৰণৰ জেপলৈ চৰকাৰে চকু দিয়ক আৰু কৰৰ বোজা হ্ৰাস কৰি সামগ্ৰীৰ দাম হ্ৰাস হোৱাত সহায় কৰক। আয়কৰৰ সীমা বৃদ্ধি হওক। এই উৎসুকতাৰ বাবে বাজেটখনক লৈ দেশৰ লাখ লাখ লোক ব্যস্ত হৈ পৰিছে। গুগলত সন্ধান কৰি বাজেটৰ তথ্য আহৰণৰ চেষ্টা চলিছে। জানেনে, বাজেটক লৈ মানুহে গুগলত কি কি বিচাৰি ফুৰিছে?

১) বাজেটৰ অৰ্থ

ফৰাচী শব্দ বৌগেট (Bougette)ৰ বাজেট শব্দটো আহিছে। ইয়াৰ অৰ্থ হৈছে সৰু বেগ। সাধাৰণ বাজেটত এটা বিত্তীয় বৰ্ষত চৰকাৰৰ আয় আৰু ব্যয়ৰ আনুমানিক বিৱৰণ থাকে। বাজেটত মূলতঃ দুটা সন্নিৱিষ্ট হা থাকে- আয় আৰু ব্যয়। চৰকাৰৰ সকলো খৰচক ব্যয় বুলি কোৱা হয়। আমাৰ সংবিধানৰ ১১২নং অনুচ্ছেদত বাজেটক বাজেট নুবুলি বাৰ্ষিক বিত্তীয় বিৱৰণ কোৱা হৈছে।

২) বাজেটৰ প্ৰকাৰ

বাজেটৰ প্ৰকাৰ এনেক। ইয়াৰ ভিতৰত সাধাৰণ বাজেট, পাৰ্ফৰমেঞ্চ বাজেট, আউটকাম বাজেট, বেলেঞ্চ বাজেট, জেণ্ডাৰ বাজেট আৰু জিৰো বেজড বাজেট প্ৰধান।

৩) বাজেট ২২-২৩ দাখিলৰ তাৰিখ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে অহা পহিলা ফেব্ৰুৱাৰীত ২০২২-২৩ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট দাখিল কৰিব। আৰ্থিক সমীক্ষা ইয়াৰ এদিন পূৰ্বে প্ৰকাশিত হ'ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত এয়া হ'ব দশম বাজেট।প্ৰথমটো কাৰ্যকালত প্ৰয়াত অৰুণ জেটলিয়ে বিত্তমন্ত্ৰী ৰূপে বাজেট দাখিল কৰিছিল। লোকসভা নিৰ্বাচন হেতু ২০১৯ চনত অন্তৱৰ্তীকালীন বাজেট দাখিল হৈছিল। পুনৰ জুলাইত পূৰ্ণাংগ বাজেট আহে।

৪) বাজেটৰ পৰা আশা

কৰোনাৰ বাবে কৰদাতা আৰু মধ্যবিত্তৰ আৰ্থিক অৱস্থা বেয়াকৈ প্ৰভাৱিত হৈছে। এই প্ৰেক্ষাপটত বাজেটখনৰ পৰা কৰ হ্ৰাসৰ আশা কৰিছে কৰদাতা আৰু মধ্যবিত্তই। ষ্টেণ্ডাৰ্ড ডিডাকচন ৫০ হাজাৰ টকাৰ পৰা ১ লাখলৈ বৃদ্ধি কৰাৰ দাবী উঠিছে। ঘৰৰ পৰা কাম কৰা (work from home) লোকক অতিৰিক্তভাৱে কৰ ৰেহাইৰ পৰামৰ্শ দুয়া হৈছে। তদুপৰি ৫খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ চাই বাজেটত মনোমুগ্ধকৰ আঁচনিৰ কথা থাকিব বুলিও আশাৰ সঞ্চাৰ হৈছে।

৫) বাজেট কোনে প্ৰস্তুত কৰে?

বিত্ত মন্ত্ৰালয়ৰ বিত্ত বিষয়ক বিভাগৰ বাজেট শাখাই বাজেট প্ৰস্তুত কৰে। বাজেট শাখাই সকলো মন্ত্ৰালয়, ৰাজ্য-কেন্দ্ৰীয়শাসিত অঞ্চল আদিলৈ জাননী জাৰি কৰি পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাবে আয়-ব্যয়ৰ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ কোৱা হয়।

1 view0 comments