আধুনিক ভাৰত নিৰ্মাণ : নেহৰু-মোদীৰ তুলনাত্মক বিচাৰ




স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে স্বাভিমানী দেশখনৰ জনসাধাৰণৰ আশা-স্বপ্ন পূৰণৰ লগতে ভৱিষ্যতৰ ভাৰতবৰ্ষৰো বুনিয়াদ গঢ়িবলগীয়া হৈছিল। তেতিয়া দেশখনত উদ্যোগ, আন্তঃগাঁথনি, আধুনিক শিক্ষা, বিশ্বৰ অন্যান্য ৰাষ্ট্ৰ সৈতে অনাগত দিনত ফেৰ মাৰিব পৰাকৈ একো বিশেষ গঢ় লৈ উঠা নাছিল। ব্ৰিটিছে ঔপনিবেশক শাসনৰ বাবে স্থাপন কৰি যোৱা সীমিত সা-সুবিধাখিনিয়েই ভাৰতৰ সম্পদ। দেশখনৰ সন্মুখত মানৱ সম্পদ গঢ়াৰ প্ৰত্যাহ্বান আছিল। তাৰে বহু বিষয়ত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে আধুনিক ভাৰতৰ বুনিয়াদ গঢ়ি থৈ গৈছিল। এই কথা সাত শতৰুৱেও স্বীকাৰ কৰি ল’ব লাগিব। স্বাধীনতা লাভ করি উঠা দেশ এখনৰ বাবে সেইবোৰ প্ৰথমে কৰণীয় কামৰ অন্যতম আছিল। তাৰে পিছত যদি দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰীক দেশ গঢ়াৰ বাবে উৎসর্গিত বুলি চিনাক্ত কৰা হয় বা সেই মৰ্যাদা দিয়া হয় তেন্তে নামটো ল’ব লাগিব নৰেন্দ্ৰ মোদীৰ। অৱশ্যে দেশখনৰ প্ৰগতিৰ বুনিয়াদ গঢ়াৰ ক্ষেত্ৰত জৱাহৰলাল নেহৰু আৰু নৰেন্দ্ৰ মোদীৰ তুলনা অনুচিত। দুয়ো দুটা ভিন্ন সময়ৰ প্ৰতিনিধি। নেহৰু প্ৰধানমন্ত্ৰী হৈ থাকোঁতে দেশখনক শূন্যৰ পৰা উত্তৰণৰ দিশলৈ লৈ যাবলগীয়া হৈছিল। সেইটো আছিল সময় আৰু ভাৰতবাসীৰ দাবী। নৰেন্দ্ৰ মোদীৰ হাতত প্ৰগতিৰ দিশে আগবাঢ়ি গৈ থকা দেশখন আছিল। ইয়াক অধিক গতি দিয়াটো তেওঁৰ বাবে প্ৰধান দায়িত্বত পৰিছিল। ইয়াক প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ দূৰদৃষ্টি আৰু কৰ্মদক্ষতাৰে আগবঢ়াই লৈ গৈ আছে। আৰম্ভ কৰা আৰু মাজৰ পৰা লৈ উত্তৰণক বিশেষ গতি দিয়া দুয়োটা কঠিন কাম।


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ কাৰ্যকালত ভাৰতক নতুন ৰূপ দিবলৈ কেইবাটাও যুগান্তকাৰী কামৰ পাতনি মেলিছে অথবা সম্পূৰ্ণ কৰি নৱভাৰত গঢ়াৰ এজন খনিকৰ হৈ পৰিছে। নতুন দিল্লীত সংসদ ভৱন নিৰ্মাণৰ দ্বাৰা চৰকাৰী আন্তঃগাঁথনিৰ পুনৰ বিন্যাসেই হওক বা বিশ্বৰ সৰ্বোচ্চ মূৰ্তি নিৰ্মাণৰ স্থাপত্য, সকলোৰে প্ৰতীকী আৰু পৰিদৰ্শনযোগ্য তাৎপর্য আছে। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ ভেটি স্থাপন, বাৰাণসীত কাশী বিশ্বনাথ মন্দিৰ কৰিডৰ নতুবা হিমালয়ৰ প্ৰাচীন তীৰ্থক্ষেত্ৰসমূহক ভক্তৰ বাবেসুগম কৰি চাৰি ধাম পথ প্ৰকল্পৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে আধুনিক ভাৰতৰ স্থাপত্য শিল্পক নতুন মাত্ৰা দিছে। ভাবীকালৰ ভাৰতে ইয়াৰ তাৎপৰ্য আৰু মহত্ত্বক অধিক প্ৰাঞ্জল ৰূপত অনুধাৱন কৰিব পাৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষক আন্তঃগাঁথনিগত দিশৰ পৰা আগবঢ়াই নিয়াৰ বাবে কেইবাটাও উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। নতুন হাইৱে’ আৰু এক্সপ্রেছ হাইৱে’ নির্মাণ, বুলেট ট্রেFন, উচ্চগতিসম্পন্ন মালবাহী গাড়r চলাচলৰ উপযোগী কৰিডৰ, নতুন বিমানবন্দৰ আৰু উত্তৰ-পূর্বাঞ্চলত উন্নতমানৰ যাতায়াতৰ বাবে বিভিন্ন দলং নির্মাণ (যাৰ ভিতৰত দেশৰ সবাতকৈ দীঘল ৰে’ল-পথ সেতু (৪.৯ কি.মি, দীর্ঘতম সেতু (১৯ কি.মি) আছে) আদিয়ে দেশখনক নতুন ৰূপ প্ৰদান কৰিছে। ইয়াৰ সুফল অনাগত দিনবোৰত অধিক ৰূপত পোৱা যাব।

এইবোৰ বহুমুখী উন্নয়নমূলক প্ৰকল্প-পৰিকল্পনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰো মোদীক দেশখনৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সৈতে তুলনাৰ তুলাচনীখনলৈ টানি আনিছে। লগতে মোদীৰ আন এটা বিশেষত্ব হৈছে ধৰ্মীয়-সাংস্কৃতিক পৰিমণ্ডলৰ সৈতে বিকাশ আৰু বাস্তৱৰে সংগতি ৰাখি চলাৰ অতুল্য সামৰ্থ্য। তুলনা কৰিলে দেখা যায় নেহৰুৱে সেইবোৰ নিৰ্মাণকাৰ্যত গুৰুত্ব দিছিল যাক তেওঁ নিজেই আধুনিক ভাৰতৰ মন্দিৰ বুলি আখ্যা দিছিল।জৱাহৰলাল নেহৰুৰ প্ৰধান নিৰ্মাণকাৰ্যৰ অন্যতম উদাহৰণ দেশখনৰ প্ৰধান জলবিদ্যুৎ প্ৰকল্পসমূহ। অৰ্থাৎ ভাক্ৰা-নাঙল, হিৰাকুদ, দামোদৰ উপত্যকা পৰিকল্পনা আদি। এইবোৰে বৰৱৰ্তীকালৰ ভাৰতৰ বিকাশত উল্লেখযোগ্য বৰঙণি যোগাইছে। লগতে দেশত গুৰু উদ্যোগৰ ভেটি স্থাপনৰ উদ্দেশ্যে ইস্পাত, তাপবিদ্যুৎ প্রকল্পৰ উপযোগী যন্ত্র উৎপাদন, বাষ্পীয় আৰু বৈদ্যুতিক ৰে’ল ইঞ্জিন নির্মাণৰ কাৰখানা, ট্রেইনৰ দবা নিৰ্মাণ কাৰখানা, সেনাবাহিনীৰ বাবে গাড়ী নিৰ্মাণ কাৰখানা, চণ্ডীগড়ৰ দৰে নগৰীৰ ভেটি স্থাপন আদি জৱাহৰলাল নেহৰুৰ উদ্যোগে ভাৰতক আধুনিক যুগলৈ আগবঢ়াৰ বাবে বুনিয়াদ গঢ়ি দিছিল।

নেহৰুৰ নিৰ্মাণকাৰ্যসমূহে বৰ্তমান আৰু ভৱিষ্যতৰ ভাৰত গঢ়াক লক্ষ্য হিচাপে লৈছিল। তেওঁ মহাকাশ আৰু পাৰমাণবিক গৱেষণা প্রতিষ্ঠানসমূহ ভেটি ৰচনা কৰি থৈ গৈছিল। কেইবাটাও প্রযুক্তি শিক্ষাৰ প্রতিষ্ঠান গঢ়িছিল। কেইবাখনো কৃষি বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰিছিল। সমান্তৰালকৈ গঢ়ি তুলিছিল গৱেষণা সংস্থা আৰু আধুনিক পৰিসংখ্যা ব্যৱস্থা। গঠন হৈছিল ষ্টেট বেংক অৱ ইণ্ডিয়া, জীৱন বীমা নিগম, ইণ্ডিয়ান অয়ল কর্পোৰেচন, অয়ল এণ্ড নেচাৰেল গে। কমিছন, এয়াৰ ইণ্ডিয়াৰ দৰে সংস্থা।

জৱাহৰলাল নেহৰুৱে ১৭ বছৰ প্ৰধানমন্ত্ৰী হিচাপে দেশ শাসন কৰিছিল। নৰেন্দ্ৰ মোদীয়ে এতিয়ালৈকে তাৰে আধা সময়ো প্ৰধানমন্ত্ৰী হিচাপে সেৱা কৰাৰ সময় পোৱা নাই। গতিকে দুয়োগৰাকী ব্যক্তিৰ কাৰ্যকালৰ তুলনা এনেয়েও বাস্তৱসন্মত নহয়। কিন্তু সীমিত সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে বৰ্তমান আৰু ভাবীকালৰ ভাৰতৰ বাবে এতিয়ালৈকে যিমানখিন কৰিলে, সিয়ে নিজেই তুলনা দাবী কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত ভাৰতবাসীয়ে আজি আত্মবিশ্বাসৰ যিটো পৰ্যায়ত উপনীত হৈছে, সেয়া আধুনিক ভাৰতৰ ইতিহাসত বিৰল। আজিৰ তাৰিখনত আত্মবিশ্বাসী ভাৰতীয়ই বিশ্বৰ উন্নত ৰাষ্ট্ৰৰ সৈতে ফেৰ মৰাৰ স্বপ্ন দেখে। মোদীৰ কাৰ্যকালতে বিশ্বমঞ্চত ভাৰতবৰ্ষৰ মান-মৰ্যাদা সৰ্বোচ্ছ স্তৰত উপনীত হৈছে। ভাৰত আজি বিশ্বৰ যিকোনো শক্তিশালী তথা প্ৰভাৱশালী মঞ্চৰ স্বাভাৱিক অংশীদাৰ। সদস্য পদ নাথাকিলেও তেনে বহু মঞ্চলৈ ভাৰতৰক সন্মানসহকাৰে নিমন্ত্ৰণ জনোৱা হয়। বৰপীৰা পাৰি আদৰি নিয়া হয়।

প্রতিষ্ঠান নির্মাতা হিচাপে মোদীৰ অৱদান ডিজিটেল পৰিকাঠামো নির্মাণত। তেওঁ আর্থিক ক্ষেত্রখনত ডিজিটালাইজেচনৰ কামটো সম্পন্ন কৰিছে, স্টার্ট-আপ ব্যৱসায়ৰ সূচনা কৰিছে। পৰিৱেশ আৰু জলবায়ুগত পৰিৱর্তনৰসাপেক্ষে অর্থনীতিৰ পুনর্বিন্যাসত তেওঁ সচেষ্ট আৰু শিল্পোন্নয়নৰ এটা নৱপর্যায় সূচিত কৰিবলৈ বৃহৎ আর্থিক সহায়ৰ আশ্বাস দি চলিছে।

নেহৰু আৰু মোদীৰ মাজত সাদৃশ্য আৰু বৈপৰীত্য— দুয়োটাই আছে। দুয়ো আধুনিকীকৰণৰ পক্ষত। কিন্তু মোদী এজন পুনর্জাগৰণবাদীও। দুয়ো পূব এছিয়াৰ দেশসমূহৰ দ্বাৰা নির্মিত ভিত্তিগত কিছু স্থানক অতিক্ৰম কৰি গৈছে। যেনে, উচ্চগুণগত মানসম্পন্ন সর্বজনীন স্কুল ব্যৱস্থা, জনস্বাস্থ্য আৰু পুষ্টিৰ বিষয়সমূহ নিশ্চিতকৰণ। মোদীৰ নির্মাণে ভাৰতক অধিক সুদৃঢ় কৰি তুলিব। এটা প্ৰান্তৰ সৈতে আনটো প্ৰান্তক সন্নিৱিষ্ট কৰি তুলিব। আধুনিক ভাৰতৰ ইতিহাস যেতিয়া লিখা হ’ব, জৱাহৰলাল নেহৰুৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো কাৰ্যকালো গুৰুত্বসহকাৰে লিপিবদ্ধ হ’ব। বিগত কালছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনৰ আন্ত-গাঁথনি, স্থাপত্য, উদ্যোগ, শিক্ষা ব্যৱস্থা আদিৰ ক্ষেত্ৰত ভাৰতবৰ্ষক অনন্য ৰূপত সমৃদ্ধ কৰিছে।

6 views0 comments