বুলগোৰিয়াত মৰ্মান্তিক ঘটনা : বাছত জুই লাগি শিশুসহ ৪৫ যাত্ৰীৰ শোকাৱহ মৃত্যু




মানৱ সভ্যতাৰ ইতিহাসত কাহানিও পাহৰিব নোৱাৰা কৰুণ ঘটনা এটা সংঘটিত হৈছে বুলগোৰিয়াত। ৰাষ্ট্ৰখনত এখন বাছত অগ্নিকাণ্ড সংঘটিত হৈ কেউজন যাত্ৰীৰ শোকাৱহভাৱে মৃত্যু হয়। বাছখনত ১২টা শিশুসহ ৪৫গৰাকী যাত্ৰী আছিল।



সোমবাৰে স্থানীয় সময় অনুসৰি দুপৰীয়া ২ বজাত দেশখনৰ  বাছনেক নামৰ গাঁওখনত মৰ্মান্তিক ঘটনাটো সংঘটিত হয়। বাছখনত সৰহসংখ্যাক যাত্ৰী পৰ্যটক আছিল। তেওলোক উত্তৰ মেচিডোনিয়াৰ বাসিন্দা। আছিল৷ জানিব পৰা মতে, পথৰ কাষত খকা ৰেলিংঙত প্ৰচণ্ড জোৰে খুন্দা মৰাত বাছখন জ্বলি উঠে। জুই ইমানেই ভয়ংকৰ আছিল যে ঘটনাৰ পিছত বাছখনৰ লৌহ ফ্ৰেমটোহে অৱশিষ্টৰ ৰূপত ৰৈ যায়। আনহাতে, জুই লগাৰ পিছত সাতজন যাত্ৰী বাছৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিল। কিন্তু  তেওঁলোকৰো ৰাজধানী চফিয়া চিকিৎসালয়ত  মৃত্যু হয়।  বুলগোৰিয়াৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী ষ্টিফান য়ানেভে ঘটনাটোক “এক বৃহৎ ট্ৰেজেডী” বুলি বৰ্ণনা কৰিছে। দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ সময়ত তেওঁ সাংবাদিকক কয়, “আশা কৰোঁ আমি এই শোকাৱহ ঘটনাটোৰ পৰা শিক্ষা লওঁ আৰু প্ৰাৰ্থনা কৰিছো যাতে ভৱিষ্যতে এনে ঘটনা সংঘটিত নহয়৷ চৰকাৰে ঘটনাটোৰ তদন্তও ঘোষণা কৰিছে।

9 views0 comments