কেবিনেট বৈঠক : দিছপুৰত পৰিণত নামনিৰ ঔদ্যোগিক নগৰী বঙাইগাঁও




২৪ নৱেম্বৰ অৰ্থাৎ আজি দিছপুৰৰ বাহিৰত দ্বিতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। বৈঠকখন বঙাইগাঁৱত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে দিছপুৰৰ বাহিৰত প্ৰথমখন বৈঠক ধেমাজিত অনুষ্ঠিত হৈছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্ত অনুসৰি মাহৰ এখন কেবিনেট বৈঠক দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ'ব।




ইফালে, আজিৰ কেবিনেট বৈঠকৰ বাবে ইতিমধ্যে মন্ত্ৰীগণ বঙাইগাওঁ চহৰত উপস্থিত হৈছে। পুৱা ১০ বজাত মুখ্যমন্ত্ৰী ড০ শৰ্মা উপস্থিত হৈছে। তেওঁ কেবিনেট বৈঠকৰ উপৰি কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীয়ে দুদিন বঙাইগাঁৱত থাকিব।



জানিব পৰা মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ উপৰিও পুৱা প্ৰথমেই উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত লাচিত দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰোপৰি তেওঁ চিলাৰায় বজাৰৰ আধাৰশিলা, মাজগাওঁ প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়ৰ ভূমি পৰিদৰ্শন, পাগলাস্থানৰ ক্লক টাৱাৰ উদ্বোধন, খাৰিজা দোলাইগাঁৱত এফোৰ্ডেবল হাউছিং পাৰ্টনাৰশ্বিপৰ আধাৰশিলা স্থাপন, পৰিৱেশ উদ্যানৰ একুৰিয়াম গৃহৰ উদ্বোধন আদিৰ দৰে কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।



আনহাতে এই ভ্ৰমণৰ সময়ছোৱাতে মুখ্যমন্ত্ৰীয়ে বিভিন্ন দল সংগঠনৰ নেতাৰ সৈতে মত বিনিময় কৰিব। বৃহস্পতিবাৰে তেওঁ অংশগ্ৰহণ কৰিব কেইবাটাও দলীয় কাৰ্যসূচীত।

9 views0 comments