বঙাইগাঁৱত কেবিনেট বৈঠক : সত্ৰৰ ভূমি বেদখলৰ অধ্যয়নৰ বাবে সমিতি গঠন



বঙাইগাঁৱত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত জনোৱা অনুসৰি, অসমৰ সত্ৰসমূহৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হয়। এই সন্দৰ্ভত এখন বিশেষ কমিটী গঠন কৰি দিয়া হৈছে। প্ৰাক্তন মন্ত্ৰী প্ৰদীপ হাজৰিকাৰ নেতৃত্বত গঠিতকমিটীখনত নগাঁও আৰু খুমটাই সমষ্টিৰ বিধায়ক ক্ৰমে ৰূপক শৰ্মা আৰু মৃণাল শইকীয়াক লোৱা হৈছে।কমিটীখনক ৰাজ্যৰ ভূমি আৰু ৰাজহ বিভাগে সহায় কৰিব আৰু এবছৰৰ পাছত কমিটিখনে সত্ৰৰ বেদখল হৈ থকা মাটি সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব। এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি চৰকাৰে পৰৱৰ্তী কাৰ্যপন্থা গ্ৰহণ কৰিব।আনহাতে, কমিটিখনৰ নেতৃত্বত থকা প্ৰদীপ হাজৰিকাই কেবিনেট মন্ত্ৰীৰ মৰ্যাদা লাভ কৰাৰ বিপৰীতে ৰূপক শৰ্মা আৰু মৃণাল শইকীয়াই ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা লাভ কৰে।

9 views0 comments