১৯ কোটি জনসংখ্যাৰে ভাৰতত মুছলমান সংখ্যালঘু হ’ব পাৰেনে?







সংখ্যালঘু কোন? ইয়াক নিৰ্ণয় কৰাৰ ভেটি কি? সংবিধানে কি কয়? ৰাষ্ট্ৰসংঘৰ সংখ্যালঘুৰ পৰিভাষা কি? ইয়াৰ আধাৰত ভাৰতত মুছলমানে সংখ্যালঙুৰ মৰ্যাদা ভোগ কৰিব পাৰেনে? মাথোঁ তুলনামূলকভাৱে সংখ্যাত কম হ’লেই এটা সম্প্ৰদায়ে সংখ্যালঘুৰ মৰ্যাদা লাভ কৰে নেকি? ইয়াৰ সৈতে আন কি কি কথা জড়িত হৈ আছে? পঞ্জাবত শিখ সংখ্যালঘুনে? অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ, বৰপেটাৰ দৰে জিলাত মুছলমান সংখ্যালঘুনে? নগালেণ্ডত খ্ৰীষ্টান সংখ্যালঘুনে? সংখ্যালঘু শব্দটোৰ সমান এইখন দেশত অপব্যৱহাৰ হোৱা দ্বিতীয়টো শব্দ নাই। বিশেষকৈ কংগ্ৰেছে যিমান পাৰি সিমান ইয়াৰ সুবিধা আদায় কৰি ৰাজনৈতিক মুনাফা লৈ আছে। অলপতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিষয়টো উত্থাপন কৰি দেশজুৰি ইয়াক চৰ্চাৰ বিষয় ৰূপে প্ৰতিষ্ঠা কৰাত সফল হৈছিল। তেওঁ অসমৰ সকলোতে মুছলমান সংখ্যলঘু নহয় বুলি দাবী কৰি সংখ্যালঘুৰ পৰিভাষাক সঠিকভাৱে ব্যৱহাৰৰ পোষকতা কৰিছিল। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ দৰে ক্ষমতালোভী দলে দীৰ্ঘদিন ধৰি ইয়াক ৰাজনৈতিক মুনাফা আদায়ৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। ইয়ে মূলতঃ হিন্দু আৰু মুছলমানৰ মাজত অবিশ্বাস, দূৰত্ব আৰু বিচ্ছিন্নতাৰ বীজ ৰোপণ কৰে।

তথাকথিত প্ৰগতিশীল-ধৰ্মনিৰপেক্ষ দলৰ ন্যাস্তস্বাৰ্থৰ বাবে শব্দটো ব্যৱহাৰ হৈ আহিছে। শব্দটোৱে তেওঁলোকক ভোটবেংক গঢ়াত সুবিধা কৰি দিয়ে।এতিয়া দেশত মুছলমান তুষ্টিকৰণৰ ৰাজনীতিৰ বেলি মাৰ যাবলৈ ওলাইছে। কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপি চৰকাৰে সেই তুষ্টিকৰণৰ ৰাজনীতিক ডাষ্টবিনত পেলাই দি এটা নতুন ৰাডনৈতিক ধাৰাৰে চলি আছে। সংখ্যালঘু শব্দটোৰ এয়াই সঠিক ব্যৱহাৰৰ উপযুক্ত সময়। চৰকাৰে বিষয়টোত দৃঢ় স্থিতি গ্ৰহণ কৰি সংখ্যালঘু হিচাপে প্ৰকৃত জনসমষ্টিক চৰকাৰী সুবিধা লাভৰ বাট মুকলি কৰি দিব লাগে। যিখন জিলাত ৯০ শতাংশৰো অধিক মুছলমান, তাত হিন্দু বা খ্ৰীষ্টানে সংখ্যালঘু হিচাপে সাংবিধানিকভাৱ প্ৰাপ্য সুবিধা লাভ কৰিব লাগে। য’ত মুছলমানৰ জনসংখ্যা কম, তাত সংখ্যালঘু হিচাপে সাংবিধানে দিয়া সা-সুবিধা মুছলমানৰ প্ৰাপ্য।

জ্যেষ্ঠ অধিবক্তা অশ্বিনী উপাধ্যায়ে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ অধিনিয়ম-১৯৯২ আৰু সংখ্যালঘু শিক্ষণ সংস্থান অধিনিয়ম-২০০৫ক উঠাই ল’বলৈ দাবী জনাইছে। তেওঁ আবেদনখনত কয় যে সেই ভিত্তিহীন, অনুচিত, অযুক্তিকৰ আৰু অসাংবাধিনক অধিনিয়মক যদি উঠাই দিব নোৱাৰি তেন্তে সেই সুবিধাৰ লাভ যিবোৰ ৰাজ্যত হিন্দু সংখ্যালঘু, তাত তেওঁলোককো দিব লাগে।

আবেদনখনত এটা বিশেষ সন্দৰ্ভত সংযুক্ত সংখ্যালঘু শব্দটোক পৰিভাষিত কৰি ইয়াৰ সুস্পষ্ট নিৰ্দেশিকা বা নিয়মাৱলী প্ৰস্তুত কৰিবলৈ যুক্তিসংগতভাৱে দাবী কৰা হৈছে। প্ৰসংগ্ৰক্ৰমে উল্লেখ্য যে সংবিধানৰ ২৯,৩০ আৰু ৩৬০নং অনুচ্ছেদত সংখ্যালঘু শব্দটোৰ উল্লেখ আছে। ইয়াৰ সুবিধা লৈ কংগ্ৰেছে ১৯৯২ চনত সংখ্যালঘু আয়োগ গঠন কৰি ভোটবেংকৰ জোৰদাৰ ৰাজনীতি কৰে।

ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুৰ প্ৰচলিত পৰিভাষাক লৈ প্ৰশ্ন উত্থাপন কৰি অশ্বিনী উপাধ্যায়ে কয়, আজি দেশখনত অগণিত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু হ’ব লাগিছিল। কিন্তু এই মৰ্যাদা মুষ্টিমেয় কেইটামান জনসমষ্টিকহে কিয় দিয়া হৈছে? এইটো সাম্প্ৰদায়িক তুষ্টিকৰণৰ ৰাজনীতিৰ উদাহৰণ নহয় নেকি? ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ ধাৰা ২(চি) অনুসৰি, মুছলমান, শিখ, বৌদ্ধ, খ্ৰীষ্টান আৰু পাৰ্ছীক ধৰ্মীয় সংখ্যালঘুৰ মৰ্যাদা দিয়া হৈছে। ২০১৪ চনত জৈনসকলক এই মৰ্যাদা দিয়া হয়।

গোচৰটোত কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু মন্ত্ৰালয়ে আদালতত শপতানামা দাখিল কৰি কয় যে সংখ্যালঘুৰ মৰ্যাদা দানৰ অধিকাৰ মাথোঁ কেন্দ্ৰৰেই নহয়, ৰাজ্য চৰকাৰৰো আছে। ৰাজ্য চৰকাৰেও কোনো সম্প্ৰদায়ক সংখ্যা াৰু সামাজিক-সংস্কৃতিক স্থিতিৰ আধাৰত সংখ্যালঘুৰ মৰ্যাদা দিব পাৰে।

সংখ্যালঘু মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে ২০১১ চনৰ লোকপিয়ল মতে, জম্মু-কাস্মীৰ, লাক্ষাদ্বীপ, পঞ্জাব, মিজোৰাম, মেঘালয়, নগালেণ্ড,মণিপুৰ, অৰুণাচল আৰু লাডাখৰ দৰে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত হিন্দুৰ সংখ্যা যথেষ্ট কম। তাত তেওঁলোকে সংখ্যালঘু হোৱাৰ সকলো চৰ্ত পূৰণ কৰিছে। সংশ্লিষ্ট ৰাজ্য চৰকাৰকেইখন বিচাৰিলে নিজৰ নিজৰ ভৌগলিক সীমাত হিন্দুসকলক সংখ্যালঘুৰ মৰ্যাদা দিব পাৰে। মহাৰাষ্ট্ৰ চৰকাৰে ইহুদীসকলক সংখ্যালঘুৰ মৰ্যাদা দি ইতিমধ্যে ইয়াৰ শুভাৰম্ভ কৰিছে। একেদৰে গুজৰাট চৰকাৰে জৈনসকলক ধৰ্মীয় সংখ্যালঘুৰ মৰ্যাদা দিছে।

এই প্ৰেক্ষাপটত ‘সংখ্যালঘু’ত অধিক লোকৰ অন্তৰ্ভুক্তি আৰু যুক্তিসংগত পৰিভাষা নিৰ্ণয় কৰাটো জৰুৰী যাতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মইমতালিৰে ইয়াৰ অপপ্ৰয়োগ কৰিব নোৱাৰে। অধিবক্তা উপাধ্যায়ে কয়, টিএমএপাই ফাউণ্ডেচন বনামইউনিয়ন অৱ ইণ্ডিয়া গোচৰত উচ্চতম ন্যায়ালয়ৰ ১১ সদস্যৰ খণ্ডপীঠে ২০০৩ চনত দিয়া ঐতিহাসিক ৰায়ক আবেদনখনৰ ভিত্তি হিচাপে লোৱা হৈছে। গোচৰটোত উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছিল যে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুৰ মৰ্যাদাপ্ৰাপ্তিৰ ভেটি মাথোঁ ৰাজ্যহে হ’ব লাগে। লগতে ইয়াকো কৈছিল যে সংখ্যালঘু সন্দৰ্বত আইন প্ৰণয়নৰ লক্ষ্যও ৰাজ্যহে হোৱা উচিত, সম্পূৰ্ণ দেশখনক ভিত্তি হিচাপে লোৱাৰ আৱশ্যক নাই। অৰ্থাৎ ইয়াৰ নির্ণয়-নির্ধাৰণ ৰাজ্য এখনৰ জনসংখ্যাৰ ভিত্তিত হ’ব লাগে। ভাৰতত ১৯.৪ কোটি মুছলমানে বসবাস কৰে। পাকিস্তানত এই সংখ্যা ১৮.৪ কোটি। তথাপি ভাৰতত মুছলমান সংখ্যালঘু। এইটোৰো বিশ্লেষণ, পৰ্যালোচনা হোলা উচিত।

২০১৪ চনৰ মে’ত সংখ্যালঘু পৰিক্ৰমা বিভাগৰ মন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ সময়ত নাজমা হেপাতুল্লাই দিয়া মন্তব্য অতি গুৰুত্বপূৰ্ণ। তেওঁ কৈছিল, ভাৰতত মুছলমান ইমানেই বুজনসংখ্যাত আছে যে তেওংলোকক সংখ্যালঘু বুলি ক’ব নোৱাৰি। বিষয়টোত ৰাষ্ট্ৰসংঘৰ দ্বাৰা দিয়া পৰিভাষাও লক্ষণীয়। ৰাষ্ট্ৰসংঘৰ মতে, সামাজিক, ৰাজনৈতিক আৰু আৰ্থিক ক্ষেত্ৰত কোনো প্ৰভাৱ নাই, যাৰ জনসংখ্যা তেনেই নগণ্য, তেওঁলোকহে সংখ্যালঘু। একেদৰে ভাৰতীয় সংবিধানত সংখ্যালঘু শব্দটোৰ উল্লেখত বিলুপ্তপ্ৰায় আৰ ু সংকটগ্ৰস্ত সম্প্ৰদায়ক নিজৰ ধৰ্ম আৰু ৰীতি-নীতি পালনৰ বাবে সুৰক্ষা আৰু সংৰক্ষণৰ কথা কোৱা হৈছে।

সংবিধানত কোনো সম্প্ৰদায়ক কম অথবা অধিক অধিকাৰ দিয়াৰ কথা কোৱা হোৱা নাই। ইয়াত সকলো সম্প্ৰদায়ক সমান অধিকাৰ দিয়াৰ কথাহে স্পষ্টকৈ কোৱা হৈছে। কিন্তু উল্লিখিত দুয়োটা অধিনিয়মৰ বাবে সংবিধানৰ আবেদনক উপেক্ষা কৰি মইমতালিৰে সম্প্ৰদায় বিশেষক সংখ্যালঘুৰ মৰ্যাদা দি বিশেষ সুবিধা, অধিকাৰ আৰু প্ৰাধান্য দিয়াৰ অশুভ পৰম্পৰা আৰম্ভ হয়। ৰাষ্ট্ৰসংঘৰ পৰিভাষা আৰু ভাৰতীয় সংবিধানৰ আবেদনত মুছলমানসকলে এইখন দেশত সংখ্যালঘুৰ মৰ্যাদা লাভ কৰিব পাৰেনে?

লাক্ষাদ্বীপত ৯৬.২%, অসমত৩৪.২%, পশ্চিমবংগত ২৭ %, কেৰালাত ২৬.৬%, উত্তৰপ্ৰদেশত ১৯.৩%, বিহাৰত ১৭% মুছলমানে বসবাস কৰে। ৰাজ্যকেইখনত সংবিধান আৰু ৰাষ্ট্ৰসংঘৰ পৰিভাষাৰ আধাৰত মুছলমানক সংখ্যালঘু বুলি ক’ব পাৰিনে? এলাহাবাদ উচ্চ ন্যায়ালয়ে এটা ৰায়ত কৈছিল যে উত্তৰপ্ৰদেশ মুছলমান সংখ্যালঘু হ’ব নোৱাৰে। কিয়নো তেওঁলোকৰ সংখ্যা যথেষ্ট। তেওঁলোকৰ সন্মুখত কোনো ধৰণৰ অস্তিত্বৰ সংকট নাই। কথাটো অসমৰ ক্ষেত্ৰত প্ৰয়োজ্য। সম্পূৰ্ণ দেশখনৰ ক্ষেত্ৰত প্ৰযোজ্য। এতিয়া সম. হৈছে সংখ্যালঘু সন্দৰ্ভত সঠিক পৰিভাষা আৰু দেশখনত ইতিমধ্যে এই সুবিধা ভোগ কৰি থকা ধৰ্মীয় গোষ্ঠীৰ স্থিতি সন্দৰ্বত পৰ্যালোচনাৰ। ভোটবেংকৰ স্বাৰ্থত বিশেষ ধৰ্মীয় গোষ্ঠীক বিশেষ সাংবিধানিক অধিকাৰ, ক্ষমতা দিয়াটো কোনো কাৰণতে সমৰ্থনযোগ্য নহয়। শেহতীয়াকৈ জিলা ভিত্তিত সংখ্যালঘুৰ মৰ্যাদা দিয়াৰ দাবী আৰু চৰ্চা চলিছে। এইটোও বিচাৰ্য বিষয়।

4 views0 comments