২২ নৱেম্বৰলৈ ৰাজ্যবোৰক ৪৭,৫৪১ কোটি টকাৰ অতিৰিক্ত ধনৰাশিৰ যোগান ধৰিব কেন্দ্ৰই : বিত্তমন্ত্ৰী




কেন্দ্ৰ ই ৰাজ্য বোৰক যোগান ধৰিব অতিৰিক্ত ৪৭,৫৪১ কৌটি টকা । বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে অহা ২২ নৱেম্বৰৰ ভিতৰত ৰাজ্যবোৰে কেন্দ্ৰৰ তৰফৰ পৰা মুঠ ৯৫,০৮২ কোটি টকা একেলগতে লাভ কৰিব । এক প্ৰেছ ব্ৰিফিঙৰ সময়ত এই কথা ব্যক্ত কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে কৰ হস্তান্তৰণ ৰাশিৰ মাহিলী কিস্তি ৪৭,৫৪১ কোটি টকা দিয়াতকৈ একেলগতে আন এটা অতিৰিক্ত ৪৭,৫৪১ কোটি টকা যোগ কৰি সৰ্বমুঠ ৯৫,০৮২ কোটি টকা ৰাজ্যবোৰক দিয়াৰ বাবে তেওঁ বিত্ত সচিব টি ভি সোমানাথনক আহ্বান জনাইছে । সীতাৰমনে কয় যে ৰাজ্যবোৰৰ হাতত অধিক ধনৰাশি থকাৰ ইচ্ছা আৰু আন্তঃগাঁঠনি নিৰ্মাণ খৰছৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । তেওঁ কয় যে কেইখনমান ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰ হস্তান্তৰণৰ অতিৰিক্ত অংশ পোৱাত সহায়ক হবলৈ পুঁজিগত ব্যয় বৃদ্ধি কৰাৰ বাবে আবেদন জনাইছিল । সেয়ে মন্ত্ৰীগৰাকীয়ে উক্ত বিষয়টোক তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিবলৈ বিত্ত সচিবক নিৰ্দেশ দিছিল । উল্লেখ্য যে কোভিড মহামাৰীয়ে জুৰুলা কৰা দেশৰ অৰ্থনৈতিক পৰিস্থিতিক পুনৰুদ্ধাৰ কৰিবলৈ আৰু বিভিন্ন ব্যক্তিগত খণ্ডৰ উন্নয়ন তথা বিভিন্ন অন্যান্য সমস্যাৰ সমাধানৰ বাবে শেহতীয়াকৈ সীতাৰমনে ৰাজ্যবোৰৰ মুখ্যমন্ত্ৰীসকল আৰু ৰাজ্যিক বিত্তমন্ত্ৰীসকলৰ সৈতে এক ভাৰ্চুৱেল বৈঠকত বহিছিল । তাৰ পিছতেই কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰেছবাৰ্তা যোগে কৰ হস্তান্তৰণ ৰাশিৰ বৃদ্ধিৰ কথা ঘোষণা কৰে ।

6 views0 comments