অসমক মুছলমান ৰাজ্যত পৰিণতৰ চক্ৰান্ত ৰচিছিল ছাদুল্লাই




অসম এতিয়া অবৈধ বাংলাদেশী মুছলমানৰ ৰম্যভূমি। এই অবৈধ নাগৰিকসকলৰ বাবে ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ পৰিচয়, জীৱিকা, ভাষা-সংস্কৃতি সকলোৰে প্ৰতি সৃষ্টি হৈছে প্ৰবল ভাবুকি। সংকটৰ দিশে আগবাঢ়িছে সনাতনী সংস্কৃতি। ইয়াৰ বিপৰীতে ৰাজ্যখনত মোগল অপসংস্কৃতিক সাৰ-পানী যোগাবলৈ উঠি-পৰি লাগিছে বাংলাদেশী তথা পূৰ্ব বংগৰ পৰা ইয়ালৈ বিৰামহীনভাৱে হৈ থকা প্ৰব্ৰজনৰ পৃষ্ঠপোষক তথা সেইখন সমাজৰ একাংশই। অসমলৈ পূৰ্ব বংগ তথা বাংলাদেশী মুছলমানৰ অনুপ্ৰৱেশ কোনো বিশেষ পৰিস্থিতিৰ ফচল নাছিল। ইয়াক এটা চক্ৰান্তৰ অধীনত আৰম্ভ কৰা হৈছিল। আজিও সেই ধাৰাটো অব্যাহত আছে। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ’ল, অসমৰ জনসাধাৰণে অবৈধ বাংলাদেশীৰ অবাধ আৰু ব্যাপক প্ৰব্ৰজনে সৃষ্টি কৰা সমস্যাক লৈ সচেতন হ’লেও আঁৰৰ চক্ৰান্ত সন্দৰ্ভত আজিও বিশেষ সচেতন নহয়। অসমত পূৰ্ববংগীয় মুছলমানক সংস্থাপিত কৰি ৰাজ্যখনক মুছলমান সংখ্যাগৰিষ্ঠ হিচাপে প্ৰতিষ্ঠা কৰাত প্ৰথম আগভাগ লৈছিল মুছলিম লীগৰ নেতা ছাদুল্লাই। তেওঁৰ চক্ৰান্ত কিছু পৰিমাণে ব্ৰিটিছে ধৰিব পাৰিলেও ঔপনিৱেশিক শাসনৰ স্বাৰ্থত তাত বিশেষ বাধাৰ সৃষ্টি কৰা নাছিল। আজিৰ অসমৰ জনসাধাৰণে ছাদুল্লাৰ নীতি আৰু চক্ৰান্তক ভালদৰে অধ্যয়ন কৰা দৰকাৰ। নহ’লে ভৱিষ্যতৰ অসমখনক অধিক বিপৰ্যয়ৰ পৰা বচাব পৰা নাযাব।

অসমলৈ ১৯০০ চনৰ প্রথমার্ধৰ পৰা তদানীন্তন পূব বংগ তথা আজিৰ বাংলাদেশৰ পৰা মুছলমানৰ সোঁত ব’বলৈ ধৰে৷ অৱশ্যে তাৰ আগতে ছেগা-ছোৰোকাকৈ মুছলমানৰ অনুপ্ৰৱেশ নঘটা নহয়। পমুৱা মুছলমানৰ প্রব্রজন দেখি তেতিয়াৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসকসকল সচকিত হৈ উঠিছিল৷ এইখিনিতে ১৯১১ চনৰ ভাৰতৰ লোকপিয়ল আয়ুক্তই প্রকাশ কৰা এটা মন্তব্যলৈ মন কৰিব পাৰি। মন্তব্যটো আছিল এনেধৰণৰ – ‘মুছলমানৰ প্রব্রজনে অসমৰ ভৱিষ্যৎ চিৰদিনৰ বাবে সলাই দিব পাৰে আৰু ১৮২০ চনৰ মানৰ আক্রমণকো চেৰ পেলাই অসমৰ সংস্কৃতি-সভ্যতা ধবংস কৰিব পাৰে৷’ সেয়াই নহয়, ১৯৩১ চনৰ ভাৰতৰ লোকপিয়লৰ অধ্যক্ষ এ চি মোলানে একেই শংকাকে প্রকাশ কৰিছিল। মুছলিম লীগৰ নেতা ছাদুল্লাই ব্রিটিছ চৰকাৰক যুক্তি প্রদর্শন কৰি কৈছিল যে একমাত্র পূব বংগৰ ভগনীয়াৰ দ্বাৰাহে অসমত কৃষি বিপ্লৱৰ সূচনা সম্ভৱ৷ গতিকে মুছলমানক অধিক হাৰত অসমলৈ অনুপ্রৱেশ আৰু সংস্থাপনৰ সুবিধা দিব লাগে৷ ১৯৪০ চনত লাহোৰত অনুষ্ঠিত মুছলিম লীগৰ অধিৱেশনত প্রস্তাৱটো গৃহীত হয়৷ প্ৰস্তাৱটো সন্দৰ্ভত তদানীন্তন ভাৰতৰ ভাইচৰয় লর্ড ৱাডেলে ছাদুল্লাক কৌতুক কৰি কৈছিল– ‘আপোনাৰ পৰিকল্পনাৰ আঁৰৰ কথাটো হ’ল, অসমত মুছলমানৰ সংখ্যা বৃদ্ধি কৰা, অধিক শস্য উৎপাদন নহয়৷’ ছাদুল্লাৰ চক্ৰান্তই কাম দিলে। অসমৰ ছন পৰি থকা হাজাৰ হাজাৰ বিঘা মাটিত কৃষিকাৰ্যৰে নিজৰ বৰপেৰা ভৰোৱাৰ স্বাৰ্থত ব্ৰিটিছে ছাদুল্লা তথা মুছলিগৰ প্ৰস্তাৱত সন্মতি দিলে।অসমলৈ আগতকৈ দুগুণ হাৰত মুছলমানৰ সোঁত ব’বলৈ ধৰে৷ অৰ্থাৎ অসমক এখন মুছলিমপ্রধান ৰাজ্যত পৰিণত কৰাৰ ষড়যন্ত্রটো সফলতাৰে বাট বুলিবলৈ ল’লে। চক্ৰান্তটোৱে ১৯১০ চনত এটা বলিষ্ঠ খোজ পেলালে। তেতিয়াৰে পৰা অসম তথা অসমীয়া যি দুৰ্ভাগ্য আৰম্ভ হ’ল, সি আজি এটা দৈত্যৰ ৰূপ পৰিগ্ৰহ কৰিলে। প্রব্রজনৰ সমস্যাটোলে অসমক কাল সাপৰ দৰে মেৰিয়াবলৈ ধৰে৷

বিদেশী আগ্রাসনৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি ১৯৬২ চনত অসমৰ কংগ্রেছীসকলে তেতিয়াৰ প্রধানমন্ত্রী জৱাহৰলাল নেহৰুক বিদেশী বিতাৰণৰ এটা প্রস্তাৱ দিছিল৷ ইয়াৰ উত্তৰত নেহৰুৱে প্রতিক্রিয়া প্রকাশ কৰি কৈছিল– ‘১৯৫২ চনৰ আগতে অহা ভগনীয়াক বিচাৰি উলিওৱা সিদ্ধান্ত ল’ব পৰা নহ’ব৷ গতিকে আমি ১৯৫২ চনকে আমাৰ অনুসন্ধানৰ সীমা বুলি ধার্য কৰিব লাগিব৷’ দুর্ভাগ্যজনক কথা যে নেহৰুৰ সেই সিদ্ধান্তৰ ওপৰত তীব্র ৰাজনৈতিক হেঁচা আৰম্ভ হ’ল, ফলত সেই সিদ্ধান্ত সিদ্ধান্ত হৈয়েই থাকিল৷ ১৯৫০ চনত গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত বিষ্ণুৰাম মেধিয়ে অসমৰ মুখ্যমন্ত্ৰী হয়। তেওঁ পূব পাকিস্তানৰ পৰা অহা বিদেশী আগ্রাসন বন্ধ আৰু বিতাৰণৰ কাৰণে কার্যব্যৱস্থা হাতত লৈ নেহৰুক খাটনি ধৰে৷ কিন্তু ফখৰুদ্দিন আলি আহমেদ প্রমুখ্যে কেইজনমান নেতাৰ উচটনিত নেহৰুৱে মেধিৰ প্রস্তাৱ পোনছাটেই অগ্রাহ্য কৰে৷ আনকি বিষ্ণুৰাম মেধিক কোনো দিনেই ভাল চকুৰে চোৱা নাছিল৷ লক্ষণীয়া কথাটো হৈছে, যি নেহৰুৱে ১৯৫২ চনৰ পিছত অহা বিদেশী বিতাৰণৰ কথা যুক্তিসহকাৰে মানি লৈছিল, সেই নেহৰুৱে একাংশ মুছলমান নেতাৰ প্ৰৰোচনাত নিৰ্লজ্জৰ দৰে নিজৰ স্থিত সলনি কৰে। তাৰে কুফলত বর্তমান অসমৰ ৯খন জিলা বাংলাদেশীৰ কবলত পৰিছে। অর্থাৎ তেওঁলোক তাত মুছলমান সংখ্যাগৰিষ্ঠ৷

১৯০১ চনত অসমৰ জনসংখ্যা আছিল ৩৩0000জন৷ ১৯৭১ চনত পূব পাকিস্তান অর্থাৎ বাংলাদেশৰ পৰা অহা ভগনীয়া সংস্থাপনৰ ফলত অসমৰ জনসংখ্যা হয়গৈ ১৫0,00,000জন৷ চৰকাৰী তথ্য মতে, ১৯৫১ আৰু ১৯৭১ চনৰ ভিতৰত অসমত জনসংখ্যা বৃদ্ধিৰ হাৰ আটাইতকৈ বেছি৷ অর্থাৎ ভাৰতবর্ষৰ বাকী অংশতকৈ চাৰিগুণ অধিক৷ ১৯৬১ চনৰ অসমৰ জনসংখ্যা প্রতি বর্গ কিল’মিটাৰত 306.3জনৰ বিপৰীতে ১৯৮১ চনত ৫০৪জন হয়৷ অতি ভয়লগা কথা যে ১৯০১-১১ চনৰ সময়ছোৱাত যেতিয়া ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ৫.৭ আছিল, তেতিয়া অসমৰ বৃদ্ধিৰ পৰিমাণ হয় ১৬.৮৷ সেইদৰে ১৯৬১-৭১ চনত বৃদ্ধিৰ হাৰ আছিল প্রায় ৩৫ শতাংশ৷ অৱস্থাৰ পৰিৱর্তন নহ’লে ২০৩০ চনলৈ অসম হয়তো মুছলিমপ্রধান ৰাজ্য পৰিণত হ’ব। তেতিয়া আমাৰ অর্থাৎ খিলঞ্জীয়া অসমীয়াৰ অৱস্থা ত্রিপুৰাৰ ব’ৰ’ক জনজাতিৰ দৰে হ’ব৷ কোৱা বাহুল্য যে বর্তমান ত্রিপুৰাত আদিম জনজাতি আৰু ভগনীয়াৰ মাজৰ জনসংখ্যা অনুপাত হ’ল ২৮:৭২৷ অসমলৈ সেই দিন আহিবলৈ বেছি পৰ নাই৷ ছাদুল্লাই সেই সময়তে অসমক মুছলমান অধ্যুষিত ৰাজ্যত পৰিণত কৰিবলৈ কৰা চক্ৰান্তক আগুৱাই নিবলৈ আজিও ৰাজ্যখনত হাজাৰজন মিৰজাফৰ আছে। সেই সময়ত অসমৰ নেতৃত্বই বলিষ্ঠ স্থিতি গ্ৰহণ কৰা বাবে ৰাজ্যখন পূব পাকিস্তানৰ মানচিত্ৰত অন্তৰ্ভুক্ত নহ’ল। ছাদুল্লাৰ চক্ৰান্তৰ এটা উদ্দেশ্য ব্যৰ্থ হ’ল। কিন্তু অসমক মুছলমানৰ সংখ্যাগৰিষ্ঠ ৰাজ্যত পৰিণত কৰিবলৈ চক্ৰান্তটোৰ ধাৰাবাহিকতা আজিও অব্যাহত আছে। চক্ৰান্তটো সফল হ’ব লাগিলে অসম কাশ্মীৰত পৰিণত হ’ব। কাশ্মীৰৰ দৰে অনা-মুছলমানৰ বাবে অসম হৈ পৰিব নৰকসদৃশ। জেহাদী, মৌলবাদীয়ে গ্ৰাস কৰিব সেউজীয়া অসমখন। ইয়াৰ পৰা ৰাজ্যখনৰ কোনো জাতি-জনজাতি-জনগোষ্ঠী ৰেহাই নাপাব। কথাবোৰ ভাবিবৰ হ’ল।

5 views0 comments