অসমত শিশু নিৰ্যাতনৰ আধা গোচৰৰেই দাখিল নহয় চাৰ্জশ্বীট




শিশুৰ ওপৰত নিৰ্যাতন অসম বা ভাৰতৰেই, ই এটা বিশ্বজনীন সমস্যা। প্ৰতি বছৰে পৃথিৱীত লাখ লাখ শিশু বিভিন্ন ধৰণে নিৰ্যাতনৰ সন্মুখীন হয়। বহু শিশুৰ শৈশৱ নিৰ্যাতনৰ মাজতে হেৰাই যায়। অনেকে অপৰাধৰ জগতখনত প্ৰৱেশ কৰে। ইয়াৰ বিপৰীতে আইন, চৰকাৰ, সমাজ আদিয়ে শিশুৰ ওপৰত চলি থকা নিৰ্যাতনত শূন্য অথবা হ্ৰাসত বিশেষ অৰিহণা যোগাবলৈ সক্ষম হোৱা নাই।



অসমত শিশুৰ ওপৰত নিৰ্যাতন বৃদ্ধি আৰু অপৰাধ হ্ৰাসত আৰক্ষীৰ শিথিলতা এটা প্ৰধান অন্তৰায় হৈ দেখা দিছে। ৰাজ্যখনত নিৰ্যাতনৰ গোচৰ ৰুজু হ'লে তদন্ত সঠিকভাৱে নহয়। আদালতত সঠিক সময়ত অভিযোগনামা দাখিল নহয়। ইয়ে দোষী আৰু অপৰাধীৰ বিৰুদ্ধে আইনী শাস্তি প্ৰদানত বিৰূপ প্ৰভাৱ পেলাইছে। সমান্তৰালকৈ বৃদ্ধি পাইছে অপৰাধীৰ অপৰাধ সংঘটিত কৰাত সাহস। ৰাজ্যখনত ২০২০ চনত শিশুৰ ওপৰত বিভিন্ন ধৰণৰ নিৰ্যাতনৰ ৪,৬২২টা গোচৰ ৰুজু হোৱাৰ

বিপৰীতে ২,৮৬৩টাৰ আদালতত অভিযোগনামা দাখিল নহ'ল। তদন্তও হোৱা নাই। আনহাতে, ৰাজ্যত ২০১৮ চনত ৬,৪৪৭টা শিশু অপৰাধৰ সৈতে জড়িত গোচৰ পঞ্জীয়ন হৈছিল। তাৰে ৩,৩৩৪টা গোচৰৰহে অভিযোগনামা দাখিল হয়৷ বৰ্ষটোত শিশু অপৰাধৰ সৈতে জড়িত ৬,৮৫১জন লো গ্ৰেপ্তাৰ হয়৷ তাৰে ৩,৪৫৮গৰাকী লোকৰ বিৰুদ্ধেহে অভিযোগনামা দাখিল কৰে আৰক্ষীয়ে৷ একেদৰে ২০১৯ বৰ্ষত ৬,৬০৮টা শিশু নিৰ্যাতনৰ গোচৰ ৰুজু হয় যদিও আৰক্ষীয়ে ৩,৭১০টা গোচৰৰহে তদন্ত সম্পূৰ্ণ কৰি অভিযোগনামা দাখিল কৰে৷ আনহাতে, ২০২০ বৰ্ষত ৰাজ্যত ৪,৬২২টা শিশু নিৰ্যাতনৰ গোচৰ ৰুজু হৈছিল৷ কিন্তু আৰক্ষীয়ে মাত্ৰ ২,৮৬৩টা গোচৰৰহে অভিযোগনামা দাখিল কৰে৷ এই তথ্যৰ পৰা প্ৰমাণিত হয় যে ৰুজু হোৱা গোচৰৰ ৫০ শতাংশ গোচৰৰহে অভিযোগনামা দাখিল হয়৷ অৰ্থাৎ শিশু নিৰ্যাতন তথা শিশুৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ আধাসংখ্যক লোক বাচি যোৱাৰ সুযোগ থাকে।


আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিব নোৱাৰাত বহু অপৰাধীয়ে জামিন লৈ মুক্ত আকাশৰ তলত ঘূৰি ফুৰে৷ ইয়ে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াত প্ৰভাৱ পেলোৱাৰ আশংকা থাকে। গুচৰীয়া তথা সাক্ষীক অপৰাধীয়ে প্ৰভাৱান্বিত কৰাৰ সম্ভাৱনা থাকে। অসনত শিশুক সুৰক্ষিত কৰি ৰাখিবলৈ আইনী ব্যৱস্থাটো অধিক কঠোৰ হোৱাৰ প্ৰয়োজন আছে।

8 views0 comments