মাজুলীৰ অৰঙে-দৰঙে উন্নয়নৰ নতুন চেতনা জাগ্ৰতৰ প্ৰয়াস মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ





হিন্দুৰ পৱিত্ৰ ৰাস মহোৎসৱত ভাগ লোৱাৰ বাবে মাজুলীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নদীদ্বীপৰ বিভিন্ন অংশত চলি থকা উন্নয়নমূলক কাম-কাজৰ বুজ লয়। তেওঁ মাজুলীবাসীৰ মনত উন্নয়নৰ প্ৰতি নতুন চেতনা জাগ্ৰত কৰিবলৈ এটাৰ পিছত এটাকৈ আঁচনি পৰিদৰ্শন কৰে। প্ৰথমে তেওঁ মাজুলী জিলাৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সৈতে জিলাখনত চলি থকা উন্নয়নমূলক আঁচনিৰ অগ্ৰগতি আৰু জিলাখনৰ উন্নতিক লৈ কেইবাটাও বিষয়ত আলোচনা কৰে। অনুষ্ঠানতে মাজুলীৰ ৰাস মহোৎসৱ উদযাপন সমিতিসমূহক ৫০ হাজাৰ টকাকৈ অনুদান দিয়ে। লগতে অহা বছৰত মাজুলীত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ বাৰ্তা যাব পৰাকৈ বৃহৎ পৰিসৰত ৰাস মহোৎসৱ আয়োজনৰ প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই অলপতে সংঘটিত নাও দুৰ্ঘটনাত নিস্বাৰ্থভাৱে উদ্ধাৰ অভিযানত ভাগ লোৱা ৫০জনক ২৫ হাজাৰ টকাকৈ পুৰষ্কাৰ আগবঢ়ায়।


মুখ্যমন্ত্ৰী ড০ শৰ্মাই লুইতঘাটত চলি থকা খহনীয়া প্ৰতিৰোধী আঁচনিৰ কাম-কাজৰ বুজ লয়। তেওঁ সংশ্লিষ্ট বিষয়াক কামটো ক্ষীপ্ৰতৰ কৰিবলৈ নিৰ্দেশ দিয়ে। তাৰ পিছত তেওঁ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্যৰ বুজ লয়। তাৰ পৰা ড০ শৰ্মাই শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী অসামৰিক চিকিৎসালয়লৈ গৈ ৫খন বিছনাযুক্ত আইচিইউ মুকলি কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই আদৰ্শ স্নাতক কলেজ নিৰ্মাণৰ অগ্ৰগতিৰো ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰি বুজ লয়।

3 views0 comments