ছহিদ সুমন স্বৰ্গীয়াৰীৰ গৃহত মুখ্যমন্ত্ৰী ড০ শৰ্মা : ৫০ লাখ টকাৰ চেক প্ৰদান




মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণত নিহত ছহিদ সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত বুধবাৰে (আজি) উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। লগতে ধূপ-বন্তি জ্বলাই বীৰ ছহীদজনলৈ শ্ৰদ্ধাঞ্জলিও যাচে।


মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে ঘোষণা কৰে যে ছহিদ সুমন স্বৰ্গীয়াৰীৰ নামত থেকেৰাকুছি-কাঁহিবাৰী পথটো নামকৰণ হ'ব। ছহিদগৰাকীয়ে অধ্যয়ন কৰা হিড়িম্বা বড়ো হাইস্কুলৰ খেলপথাৰখন গ্ৰাম্য ষ্টেডিয়াম ৰূপে গঢ়ি তোলা হ'ব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই আৰু কয় যে আছাম ৰাইফলছৰ ওপৰত আক্ৰমণ চলোৱা উগ্ৰপন্থীৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাব।



মুখ্যমন্ত্ৰী ড০ শৰ্মাই ছহিদ সুমন স্বৰ্গীয়াৰীৰ পৰিয়ালৰ হাতত ৫০ লাখ টকাৰ চেকক এখনো প্ৰদান কৰে। উল্লেখ্য যে মণিপুৰত সংঘটিত ভয়ংকৰ এম্বুশটোত আছাম ৰাইফলছৰ এজন কৰ্নেল পত্নী-পুত্ৰসহ নিহত হোৱাৰ আছাম ৰাইফলছৰ চাৰিজন জোৱান নিহত হৈছিল। তাৰে এজন ছহিদ হ'ল বাক্সাৰ খেকেৰাকুছিৰ সুমন স্বৰ্গীয়াৰী।

12 views0 comments