অনিমেষক হত্যা : ফাষ্টট্ৰেক আদালতত বিচাৰ চলোৱাৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ




ছাত্ৰনেতা অনিমেষ ভূঞাৰ হত্যাৰ বিচাৰ ফাষ্টট্ৰেক আদালতত চলিব। গোচৰটোৰ দ্ৰুত বিচাৰৰ অৰ্থে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে গোচৰটোৰ অভিযোগনামা ১৫ দিনৰ ভিতৰত আদালতত জমা দিবলৈ যোৰহাট আৰক্ষীক নিৰ্দেশ দিছে।



মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মঙলবাৰে পুৱা অনিমেষৰ ঘৰত উপস্থিত হোৱা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে গোচৰটো সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰে। ডাঃ পেগুৰ সৈতে বিধায়ক ৰূপজ্যোতি কুৰ্মীও দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰলৈ যায়।






ইফালে, নিশাই যোৰহাটলৈ ৰাওনা হয় আছুৰ কেন্দ্ৰীয় নেতৃত্ব। আছুৰ সভাপতি দীপাংক নাথে নিশা যোৰহাটত উপস্থিত হৈ ঘটনাৰ বুজ লয়।

4 views0 comments