জনগাঁথনি সলনিৰ চক্ৰান্তক ব্যৰ্থ কৰিব মুখ্যমন্ত্ৰীয়ে : ডিচেম্বৰত ১৬ সমষ্টিত উচ্ছেদ অভিযান




লামডিং সংৰক্ষিত বনাঞ্চল আৰু গৰুখুঁটিত চলি থকা উচ্ছেদ অভিযান সম্প্ৰসাৰিত অসমৰ ১৬টা বিধানসভা সমষ্টিলৈ। ডিচেম্বৰতে আৰম্ভ হ'ব বেদখলকাৰীৰ বিৰুদ্ধে অভিযানটো। বিষয়টো অৱগত ৰাজ্যৰ এগৰাকী শীর্ষ বিষয়াই নতুন দিল্লীত সাংবাদিকৰ আগত এই কথা ব্যক্ত কৰিছে৷ আইনী প্রক্রিয়া অনুসৰণ কৰি ডিচেম্বৰৰ পৰা চলিব উচ্ছেদ অভিযান৷ ইয়াৰ পূর্বে উচ্ছেদ চলাবলগীয়া অঞ্চলসমূহৰ সহস্রাধিক সংখ্যালঘু মহিলাৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আলোচনাত মিলিত হ’ব৷ ৰাজ্য চৰকাৰৰ শীর্য বিষয়াজনে লগতে কয় যে ডিচেম্বৰৰ প্রথম সপ্তাহত গুৱাহাটীত এই আলোচনাৰ ব্যৱস্থা কৰা হৈছে৷


উল্লেখ্য যে এটা বিশেষ ধৰ্মীয় গোষ্ঠীৰ আমদানিৰে অসমত বিধানসভা সমষ্টিৰ জনগাঁথনি সলনি কৰাৰ চক্ৰান্ত চলি আছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে অভিযোগ কৰিছিল। এইসকল লোকক এটা সমষ্টিৰ পৰা আনটো সমষ্টিলৈ প্ৰেৰণ কৰি চৰকাৰী ভূমি বেদখল কৰি সংস্থাপিত কৰা হয়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই চক্ৰান্ত ওফৰাবলৈ কঁকালত টঙালি বান্ধিছে।


দৰং জিলাৰ গৰুখুঁটিৰ শেহতীয়া উচ্ছেদ অভিযান হিংসাত্মক ৰূপ লোৱাৰ পাছত দেশজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি হৈছিল৷ পিছে অসমৰ মাটি বেদখলমুক্ত কৰাৰ বাবে ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰ সম্পূর্ণৰূপে দায়বদ্ধ বুলি বিষয়াজনে লগতে মত ব্যক্ত কৰে৷ তেওঁ কয় যে ইতিমধ্যে ৰাজ্যৰ ১৬টা বিধানসভা সমষ্টিত থকা বেদখলকাৰীসকলক চিহ্ণিত কৰা হৈছে আৰু উচ্ছেদ অভিযানৰ ব্লুপ্রিণ্ট প্রস্তুত কৰি থকা হৈছে৷

14 views0 comments