গুৱাহাটীৰ গলিয়ে গলিয়ে শিশু অপহৰণকাৰী : গীতানগৰত ব্যৰ্থ অপহৰণৰ চেষ্টা



গুৱাহাটীত সক্ৰিয় হৈ পৰিছে শিশু অপহৰণকাৰী। শনিবাৰ অৰ্থাৎ আজি মহানগৰীৰ গীতানগৰত এটি স্কুলমুখী শিশুক অপহৰণৰ অপচেষ্টা চলায় এটা দলে। শিশুটিক দুবাৰকৈ অপহৰণৰ চেষ্টা চলোৱা হৈছিল। কিন্তু সাহসী শিশুটিয়ে দুয়োবাৰ নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয়। লক্ষণীয় কথাটো হ'ল, শিশুটিয়ে জনোৱা মতে অপহৰণকাৰী দলটোৱে যিখন বাহন লৈ আহিছিল তাত এটা শিশু আছে। শিশুটিক লৈ আৰক্ষী চিন্তিত হৈ পৰিছে। শিশুটি অপহৃত নহয়টো?




জানিব পৰা মতে, ঘৰৰ পৰা বিদ্যালয়লৈ গৈ থকা পথত শিশুটিক অপহৰণৰ চেষ্টা চলায় এটা দলে। দলটোৱে অপহৰণ কৰিবলৈ চেষ্টা চলাওতে শিশুটিয়ে হাতত কামোৰ মাৰি চিঞৰ-বাখৰ কৰে। দলটোৱে শিশুটিক এৰি দিবলৈ বাধ্য হয়। কিন্তু অপহৰণকাৰী দলটোৱে পুনৰ অপহৰণৰ চেষ্টা চলায়। শিশুটিয়ে শিল দলিয়াই নিজকে ৰক্ষা কৰে।


দ্বিতীয়বাৰ অপহৰণত ব্যৰ্থ হৈ দলটো বাহনখন লৈ দুৰ্বৃত্তৰ দলটোৱে পলায়ন কৰে। গীতানগৰৰ 'আমাৰ পথ'ত সংঘটিত হৈছে। ইফালে, শিশুটিৰ ভাষ্য অনুসৰি দলটোৱে এখন বগা ৰঙৰ মাৰুতি ভানত আহিছিল। ভানখনৰ ভিতৰত দুৰ্বৃত্তৰ দলৰ তিনিজন সদস্য আৰু বগা ৰঙৰ কাপোৰ পিন্ধা এটি কণমানি।



গীতানগৰ আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। চিচিটিভি বগা মাৰুতি ভানখনৰ অস্তিত্ব লাভ কৰিছে। ।


উল্লেখ্য যে, দুদিন পূৰ্বেও একেই স্থানতে অনুৰূপ ঘটনা সংঘটিত হৈছিল। বাইক লৈ ৰৈ থকা দুৰ্বৃত্তই এগৰাকী কণমানিক অপহৰণৰ চেষ্টা কৰিছিল।

11 views0 comments