মণিপুৰৰ আক্ৰমণত চীনৰ সহযোগিতা !




মণিপুৰৰ ম্যানমাৰ সীমান্তৰ চুৰাছান্দপুৰ জিলাত হোৱা শেহতীয়া আক্ৰমণ ত চীনৰ দৰে তৃতীয় শক্তি ৰ সহায় থকাৰ কথা পোহৰলৈ আহিছে । ইতিমধ্যে মণিপুৰৰ পিপলছ লিবাৰেচন আৰ্মীৰ চীনৰ সৈতে এক ভাল সম্পৰ্ক আছে আৰু পূৰ্বেও বেইজিঙৰ পৰা সংগঠনটোৱে সহায়-সহযোগিতা লাভ কৰিছে । উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলত আতংকবাদ বিৰোধী আৰু আন্তৰিক সুৰক্ষা কৰ্তব্যৰ পৰা ভাৰতীয় সেনাৰ দুটা সম্পূৰ্ণ ডিভিজন আৰু কিছু অতিৰিক্ত বেটেলিয়নক আঁতৰাই চীনৰ সৈতে সীমান্তত নিয়োগ কৰা হৈছিল । সেনাৰ শীৰ্ষতম বিষয়াসকলে কয় যে চীনে ম্যানমাৰৰ চান, ৰখাইন আৰু কাচিন প্ৰান্তত সন্ত্ৰাসবাদক উৎসাহ প্ৰদান কৰি আছে আৰু তাত থকা বিদ্ৰোহী সংগঠনবোৰক এ.কে. ছিৰিজৰ ৰাইফল, হেণ্ড গ্ৰেণেড আৰু চীনত নিৰ্মিত অন্য অস্ত্ৰ-শস্ত্ৰবোৰ যোগান ধৰি আছে । বেইজিঙে তেওঁলোকৰ প্ৰতিনিধিসকলে মণিপুৰৰ দৰে অঞ্চলবোৰত আক্ৰমণ সংঘটিত হোৱাটো বিচাৰে কাৰণ তাৰ ফলত আতংকবাদ বিৰোধী অভিযানক পুনৰ চলোৱাৰ প্ৰয়োজন হ'ব । ফলত পুনৰ সীমান্তত ভাৰতীয় সৈন্যৰ সংখ্যা কমি যাব আৰু সেই সীমাৰেখাত ভাৰত দুৰ্বল হৈ পৰিব । তদুপৰি ইয়াৰ ফলত ভাৰতীয় সেনা মুখ্যালয়ৰ মনোযোগ এল এ চিত চীনে কৰা অগ্ৰগতিৰ পৰাও আঁতৰিব । তাৰেই সুযোগ লৈ পুনৰ শক্তিশালী হৈ পৰিব চতুৰ ৰঙা চীন ।

5 views0 comments