সভ্যতাৰ বয়স বাঢ়িছে কিন্তু আচৰণ?



সভ্যতাৰ বয়স বাঢ়িছে। কিন্তু কিছু কিছু ক্ষেত্ৰত আচৰণ আজিও আদিম হৈয়েই আছে। বিশেষকৈ হিংসাৰ ক্ষেত্ৰত মানৱ সমাজখন যেন আজিও সভ্যতাৰ আৰম্ভণিৰ দিনবোৰতেই আছে। সেই সময়ছোৱাত শিক্ষাৰ ব্যৱস্থা নাছিল। জ্ঞান-বিবেকৰ ব্যৱহাৰ শূন্যপ্ৰায় আছিল। হিংসা মানৱ জীৱনত একধৰণৰ অংশ হৈ পৰিছিল। জীয়াই থকাৰ তাগিদাত বিবেকহীন মানুহে হংসাৰে নিজৰ অস্তিত্বক জীয়াই ৰাখিব বিচাৰিছিল। কিন্তু আজি সেইদিন নাই। শিক্ষা-জ্ঞানৰ আলোকেৰে আলোকিত মানৱ সভ্যতা। তথাপিও হিংসাৰ পয়োভৰ ইমানেই বেছি হৈ পৰিছে যে সাধাৰণ কথা এটাতে কোনো লোকক মৰিয়াই মৰিয়াই হত্যা কৰিবলৈ মানুহ দ্বিধাহীন হৈ পৰিছে। বিগত সময়.ছোৱাত অসমবাসীয়ে তেনে বহু গটনা প্ৰত্যক্ষ কৰিছে। সংবাদমাধ্যমত শিহৰণকৰী দৃশ্য দেখিছে। মানুহ কিয় হঠাতে এনেদৰে বৰ্বৰ হৈ পৰে? ইয়াৰ কাৰণ কি?


বিশেষজ্ঞৰ মতে, মানুহৰ জীৱনৰ প্রতিটো মুহূর্তই কিবা নহয় কিবা অনুভূতিৰ মাজেৰে পাৰ হৈ যায়৷ ইয়াৰ সৰহসংখ্যকেই নেতিবাচক অনুভূতি৷ সময়ে সময়ে অনুভূতিবোৰৰ আৱেগিকভাৱে বিস্ফোৰণ ঘটে। তেতিয়াই মানুহ হিংস্র হৈ পৰে৷ গণহত্যাৰ ঘটনা সংঘটিত হয়। অসমত এনে ঘটনাৰ তালিকাখন দীঘল। সৌসিদিনা যোৰহাটৰ মাজমজিয়াত তেনে ঘটনা এটা সংঘটিত হয়। ঘটনাটোৱে ৰাজ্যখনৰ বিবেকৱান লোকসকলৰ চিন্তা-চেতনাক জোকাৰি যায়। তালিকাখনত আছে সংগীতশিল্পী অভি-নীল, সুচিকিৎসক ডাঃ দেৱেন দত্ত, নকছাৰিৰ যুৱক দেৱাশিস গগৈ, হোজাইৰ পাচলি বেপাৰী সনাতন ডেকা আৰু নুনমাটিৰ ঋতুপর্ণ পেগু আদি৷


ঘটনাবোৰে প্রমাণ কৰে যে এক শ্রেণীৰ মানুহ এতিয়া হিংস্র বন্যপ্রাণীতকৈও বেছি হিংস্র হৈ পৰিছে৷ কিন্তু জীৱশ্রেষ্ঠ মানুহৰ এই দানৱীয় হিংস্রতাৰ উৎস কি? মনস্তত্ত্ববিদসকলৰ মতে, হিংস্রতাৰ আদি পাঠ শিশু-কিশোৰে লাভ কৰে নিজৰ ঘৰখনৰ পৰাই৷ খোজকাঢ়িবলৈ শিকাৰ সময়ত শিশু যেতিয়া পৰি যায় বা চকী-টেবুলত খুন্দা মাৰি দুখ পায়, তেতিয়া জ্যেষ্ঠসকলে পৰি যোৱা মাটি ডোখৰ বা খুন্দামৰা চকী-টেবুলক দোষাৰোপ কৰি মাৰিবলৈ শিকায়৷

নিজৰ অক্ষমতাৰ দায়িত্ব আনৰ ওপৰত জাপি দিয়াৰ শিক্ষাও শিশুয়ে আহৰণ কৰে শৈশৱতে৷ আনক আঘাত কৰা দোষণীয় নহয়– সেই শিক্ষাও শিশুৱে আহৰণ কৰে শৈশৱতে৷ শৈশৱৰ দেওনা পাৰ হৈ কৈশোৰত ভৰি দিয়াৰ পাছত শিশুৰ সংগী হৈ পৰে টেলিভিশ্যন, কার্টুন আৰু স্মার্ট ফোন৷ দুই-এখন কার্টুনক বা দি প্রায় সকলোবোৰ কার্টুন আৰু স্মার্ট ফোন৷ দুই-এখন কার্টুনক বাদ দি প্রায় সকলোবোৰ কার্টুনেই আগ্রাসন আৰু হিংস্রতাৰে ভৰপূৰ৷ তাৰ পাছত লাহে লাহে সোমাই পৰে শ্বুট আউট কম্পিউটাৰ গেমত৷

এইধৰণৰ গেমৰ মাধ্যমেৰে কিশোৰৰ মনত সিঁচি দিয়া হয় ভার্ছুৱেল আগ্রাসন আৰু হিংসাৰ বীজ৷ আচলতে শৈশৱৰ খেলৰ সামগ্রী হিচাপে শিশুৰ হাতত তুলি দিয়া হয় পিষ্টল, ৰাইফল, ধনু-কাঁড় ইত্যাদি অস্ত্র-শস্ত্র৷ সকলো শিশু বা কিশোৰেই প্রতিনিয়ত প্রত্যক্ষ কৰে নিজৰ আপোনজন, ওচৰ-চুবুৰীয়াৰ কথা-বার্, খং-ৰাগ৷

বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রীৰ ক্রোধৰ বহিঃপ্রকাশতো ফুটি উঠে নির্মমতা আৰু হিংস্রতাৰ নানা ৰূপ৷ সেই শিশু বা কিশোৰ যেতিয়া লাহে লাহে ডাঙৰ হৈ আহে, টিভি চেনেলৰ বাতৰি চাব পৰা হয়, বাতৰি কাকত পঢ়িব পৰা হয়, তেতিয়াই তেওঁ দেখিবলৈ পায় চোৰ-ডকাইত, ধর্ষণকাৰী, হত্যাকাৰী, ৰাজনৈতিক নেতাৰ প্রকৃত ছবিসমূহ৷ এনেবোৰ ঘটনা চোৱা বা দেখাৰ পাছত শিশু-কিশোৰৰ মনৰ ‘ভার্ছুৱেল’ আগ্রাসনৰ ঘটনাবোৰ পৰিৱর্তিত হয় বাস্তৱৰ ঘটনালৈ৷

‘ভার্ছুৱেল হিংস্রতাত জড়িত এনেবোৰ শিশু-কিশোৰে নির্ভয়ে প্রত্যক্ষ কৰিব পাৰে বোমা-বিস্ফোৰণ বা গুলীয়াগুলীৰ ঘটনা৷ এনেবোৰ ঘটনাই তেওঁলোকৰ মনত বিশেষ একো চাপ বহুৱাব নোৱাৰে৷শিশু-কিশোৰৰ মনত আমি অভিভাৱকসকলেই এটা এটাকৈ সিঁচি দিছোঁ ভিন্নমত, ভিন্ন ধর্ম, ভিন্ন ভাষা, ভিন্ন জীৱন যাপনৰ প্রতি বিদ্বেষৰ বিহ৷ ৰোপণ কৰিছোঁ ঘৃণাৰ বীজ, যি বংশ পৰম্পৰাত আজিও প্রৱাহমান৷ ভিন্ন ধর্ম, ভিন্ন জাতি-জনগোষ্ঠী, ভিন্ন ভাষা-ভাষিক হেয় কৰা, সন্দেহৰ দৃষ্টিৰে চোৱা– এই সকলোবোৰেই আমি ডাঙৰবোৰেই শিকাইছোঁ শিশু-কিশোৰক৷ ডাঙৰৰ কাম-কাজ, কথা-বার্ দেখি-শুনিয়েই ডাঙৰ হৈছে আমাৰ শিশু৷ আমি যেনেকৈ চাবলৈ শিকাইছোঁ তেনেকৈয়ে চাইছে আমাৰ সন্তানে৷ আমিয়েই শিকাইছোঁ বন্ধুক (ভিন্ন সম্প্রদায়ৰ) ভিন্ন দৃষ্টিৰে চাবলৈ৷

9 views0 comments