আস্থাৰ ভোটত ক্লীন বল্ড ইমৰান, এইবাৰ শ্বাহবাজৰ বেটিং





অনাস্থা ভোটত ক্লীনবল্ড হৈ ক্ষমতাচ্যুত হৈ পৰিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান।প্ৰায় চাৰি বছৰ পূৰ্বে পাকিস্তানবাসীক মদিনাৰ স্বপ্ন দেখুৱাই শাসনলৈ অহা ইমৰান খানৰো দেশখনৰ আন প্ৰধানমন্ত্ৰীৰ দৰেই হ’ল। অৰ্থাৎ পাঁচ বছৰীয়া কাৰ্যকাল কৰিব নোৱাৰিলে। পাৰ্থক্য মাথোঁ, ইয়াৰ পূৰ্বে ক্ষমতাচ্যুত হোৱা প্ৰধানমন্ত্ৰীকেইজনক সেনাই অপসাৰণ কৰিছিল। ইমৰান খান সংসদত অনাস্থা ভোটত পৰাজিত হয়। ইমৰান খানত শনিবাৰে মাজনিশালৈ অনুষ্ঠিত আস্থাৰ ভোটত বিৰোধী পক্ষই শোচনীয়ভাৱ পৰাজিত কৰে। অৱশ্যে আস্থাৰ ভোটৰ সন্মুখীন হ’বলৈ ইমৰান খান দেশখনৰ নেচনেল এছেম্বলীত নিজে উপস্থিত থকা নাছিল। তদুপৰি, ইমৰান খানৰ ৰাজনৈতিক দল তেহৰিক-ই-ইনছাফৰ সাংসদসকলেও আস্থা ভোটৰ পূৰ্বেই সদন ত্যাগ কৰে। শাসকবিহীন সংসদত ইমৰান খানৰ বিৰুদ্ধে ১৭৪টা ভোট পৰে। ইমৰান খানক আস্থাৰ ভোটত জয়ী হ’বলৈ ১৭২টা ভোটৰ প্ৰয়োজন হৈছিল। কিন্তু বিৰোধীয়ে শাসক দলৰেই সদস্যৰ সহায়ত সেই সংখ্যাটো অৰ্জনত ইমৰান খানক সুবিধা নিদিলে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ইমৰানৰ বিৰুদ্ধে উত্থাপিত অনাস্থা প্ৰস্তাৱক লৈ বিগত সপ্তাহটোত কেইবাটাও নাটকীয় ঘটনা ঘটে। ইমৰান খান সংগ এৰি গুচি যোৱা টিটিপিৰ বিদ্ৰোহী সাংসদসকলক ইমৰানে ধনৰ বিনিময়ত বিক্ৰী যোৱা বুলি অভিযোগ কৰি সংখ্যাগৰিষ্ঠতা হেৰুওৱা সত্ত্বেও পদত্যাগ নকৰো বুলি হংকাৰ দি থাকে। তেওঁ হঠাতে সংসদ ভংগ হোৱা বুলি সদনৰ উপাধ্যক্ষৰ জৰিয়তে ঘোষণা কৰে। উপাধ্যক্ষৰ ঘোষণাত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰি সদন ভংগ হোৱা বুলি ঘোষণা কৰি ইমৰান খানক তদাৰকী প্ৰধানমন্ত্ৰী ৰূপে ঘোষণা কৰে। অনাস্থা প্ৰস্তাৱত ভোটদানৰ দিনাই ইমৰান খানে আচম্বিতে কৰা ঘোষণাত দেশখনৰ ৰাজনীতি উত্তাল হৈ পৰে। বিৰোধী পক্ষই চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদ জনাই নিজাববীয়াকৈ অধ্যক্ষ বাছনি কৰি সংসদৰ কাম-কাজ চলাবলৈ লয়। তেতিয়া নেচনেল এছেম্বলীৰ বিদ্যুৎ সংযোগ কাটি দিয়া হয়। ইফালে, দেশখনত ুদ্ভৱ হোৱা সাংবিধানিক সংকটক প্ৰতি লক্ষ্য ৰাখি নিশাই তৎপৰ হৈ উঠে দেশখনৰ উচ্চতম ন্যায়ালয়। অৱশ্যে নিশাটোত একো বিশেষ সিদ্ধান্ত লোৱা নহ’ল। পিছত উচ্চতম ন্যায়ালয়ে উপাধ্যক্ষৰ সিদ্ধান্তক অবৈধ আখ্যা দি ইমৰান খানক সংসদত সংখ্যাগৰিষ্ঠতা প্ৰদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে। কিন্তু সংখ্যাৰ গণিতত পিছপৰি থকা ইমৰান খানে আস্থা ভোটৰ সন্মুখীন হোৱাৰ সাহস নকৰিলে। তেওংৰ দলটোৰ সাংসদসকলো ভোট প্ৰক্ৰিয়াৰ পৰা নিজকে আঁতৰাই ৰাখে।

উল্লেখ্য যে স্বাধীনতা লাভৰ পৰা আজিলৈকে পাকিস্তানৰ এজনো প্ৰধানমন্ত্ৰীয়ে পাঁচ বছৰীয়া শাসনকাল সম্পূৰ্ণ পৰা নাই। ইমৰান খানৰো একেই অৱস্থা হ’ল। পাকিস্তান মুছলিম লীগৰ নেতাসকলৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ তথা দেশখনৰ জনসাধাৰণক ‘নতুন পাকিস্তান’ৰ স্বপ্ন দেখুৱাই ইমৰান খান ১০১৮ চনত প্ৰধানমন্ত্ৰী হয়। অৱশ্যে নিৰ্বাচনটোত ইমৰান খানক ক্ষমতালৈ অনাত সেনাই সহায় কৰা বুলি বিগত সময়ছোৱাত অভিযোগ উঠি আহিছিল। অনেকে ইমৰান খানক নিৰ্বাচিত নহয় বাছনিকৃত প্ৰধানমন্ত্ৰী বুলিহে আখ্যা দিয়ে। ইফালে, যি সেনাৰ হাতত ধৰি ক্ৰিকেট জগতখনৰ পৰা পাকিস্তানৰ প্ৰধানমন্ত্ৰী হোৱাৰ স্বপ্ন কৰিছিল, ইমৰান খানে সেই সেনাৰ সৈতেই সংঘাতত লিপ্ত হয়। বিগত বৰ্ষত সেনাৰে হোৱা সংঘাতৰ পৰাই ইমৰান খানৰ চকী যোৱাটো নিশ্চিত হৈ পৰিছিল। দেশখনত সেনাৰ আশীৰ্বাদ অবিহনে কোনো প্ৰধানমন্ত্ৰী তিষ্ঠি থাকিব নোৱাৰে। ক্ষণগণনা তেতিয়াৰ পৰাই আৰম্ভ হয়। অৱশেষত আস্থা ভোটত পৰাজিত হৈ ইমৰানে প্ৰধানমন্ত্ৰীৰ আসনখন এৰি দিবলৈ বাধ্য হয়।

ইফালে, ইমৰান খানৰ পতন নিশ্চিত হোৱাত পাকিস্তানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ’ব, তাক লৈ চিন্তা-চৰ্চা আৰম্ভ হৈছে। অৱশ্যে বিষয়টোত ইতিমধ্যে বিৰোধীৰ মাজত সৰ্বসন্মত সিদ্ধান্ত এটা হৈ থকা বুলি ক’ব পাৰি। সকলোৱে প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফৰ ভাতৃ তথা সদনৰ বিৰোধী পক্ষৰ নেতা ৰূপে দায়িত্ব পালন কৰি থকা মিঞা শ্বাহবাজ শ্বৰিফক প্ৰধানমন্ত্ৰী ৰূপে প্ৰক্ষেপ কৰাত ঐক্যমত্যত উপনীত হৈছে। আস্থাৰ ভোটত ইমৰান খানক পৰাজিত কৰাৰ লগে লগে সংসদৰ নতুন অধ্যক্ষ আয়াজ চাদিকে শ্বাহবাজ শ্বৰিফক অভিনন্দন জনায়। তেওঁ জয়ৰ পিছত সদনত কয় যে প্ৰতিশোধৰ ৰাজনীতিত বিশ্বাস নকৰে। এই ফল পাক জনগণৰ ইচ্ছাৰ বাবেই হৈছে। তেওঁ লগতে কয় যে পাকিস্তানলৈ সুদিন উভতিবলৈ ধৰিছে।

শ্বাহবাজ শ্বৰিফ পূৰ্বতে পঞ্জাবৰ মুখ্যমন্ত্ৰী পদত আছিল। তেওঁ পঞ্জাবত সুদীৰ্ঘকাল মুখ্যমন্ত্ৰী হৈ থকাৰ অভিলেখ গঢ়ি থৈছে। তেওঁ তিনিবাৰ পঞ্জাবৰ মুখ্যমন্ত্ৰী হৈছিল। নক’লেও চলে যে পাকিস্তানৰ ৰাজনীতিৰ সকলোখিনি পঞ্জাবৰ পৰাই নিয়ন্ত্ৰণ হয়। ২০১৮ চনৰ ১৩ অগষ্টত তেওঁ নেচনেল এছেম্বলীৰ সদস্য হয়। নৱাজ শ্বৰিফে দেশ এৰি যাবলগীয়া হোৱাত সংসদত বিৰোধী দলপতি হিচাপে শ্বাহবাজক দায়িত্ব দিয়া হয়। অহা ১২ এপ্ৰিলত নেচনেল এছেমবলীৰ অধিৱেশন অনুষ্ঠিত হ’ব। সিদিনাই তেওঁৰ নাম প্ৰধানমন্ত্ৰী হিচাপে ঘোষিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই মুহূৰ্তত শ্বাহবাজৰ বাহিৰে প্ৰধানমন্ত্ৰী পদৰ বাবে দ্বিতীয়জন ব্যক্তিৰ নাম উচ্চাৰিত হোৱা নাই।

2 views0 comments