ছচিয়েল মিডিয়া প্লেটফৰ্ম আৰু ৱেবচাইটবোৰত বিষয়বস্তুৰ স্পষ্ট দায়িত্ববোধক অত্যন্ত প্ৰয়োজনীয় : আইটি মন্ত্





আইটি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ছচিয়েল মিডিয়া প্লেটফৰ্ম আৰু ৱেবচাইটবোৰত বিষয়বস্তুৰ ক্ষেত্ৰত দায়িত্ববোধক 'স্পষ্টভাৱে সংজ্ঞাবদ্ধ' কৰিব লাগে । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে শেহতীয়া কেইটামান দশকত প্ৰযুক্তিবিদ্যা আৰু ইণ্টাৰনেটৰ পৰিৱৰ্তনৰ লগে লগে ইণ্টাৰনেটৰ শাসন ব্যৱস্থা (governance structure)-ৰ ওপৰত পুনঃবিবেচনা কৰাটো অত্যন্ত প্ৰয়োজনীয় । যিবোৰ বিষয়বস্তুৰ সৃষ্টি আৰু গ্ৰহণ হৈ আছে, যি ধৰণে ইণ্টাৰনেটত প্ৰৱেশ হৈ আছে, যি ভাষাত, যিবোৰ যন্ত্ৰপাতিৰ দ্বাৰা ইণ্টাৰনেটত প্ৰৱেশ হৈ আছে, সেই সকলোবোৰ আজিৰ তাৰিখত সলনি হৈছে । সেয়েহে ইণ্টাৰনেটত শাসন ব্যৱস্থাকো পুনৰ এবাৰ বিবেচনা কৰাটো উচিত বুলি আই আই জি এফ-ৰ উদ্বোধনী অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । ইয়াৰ লগতে ই-কমাৰ্চৰ আগমনৰ লগে লগে বিজনেছ মডেলবোৰত ব্যৱধানৰ সামাজিক প্ৰভাৱৰ বিষয়ে আলোচনা কৰাৰ বাবেও তেওঁ সন্মিলনত আহ্বান জনায় । তেওঁ লগতে কয় যে সমগ্ৰ ব্যৱস্থা দ্ৰুত গতিৰে ডিজিটেল টেকনিক আৰু ইণ্টাৰনেটৰ দ্বাৰা সঞ্চালিত হবলৈ ধৰিছে, সেয়ে চাইবাৰ সুৰক্ষা এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে । ইলেকট্ৰনিক আৰু আই টিৰ ৰাজ্য মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে কয় যে গোলকীয় ইণ্টাৰনেটৰ ভৱিষ্যতৰ দায়িত্ব ভাৰতৰ ইণ্টাৰনেট পৰিস্থিতিতন্ত্ৰ আৰু উদ্ভাৱনী কুশলতাৰ হাতত অৰ্পণ কৰিব লাগে । তেওঁ লিতে কয় যে ইণ্টাৰনেটৰ ভৱিষ্যতৰ ক্ষেত্ৰত সাৱধানতাপূৰ্বক পৰিকল্পনা কৰিব লাগে কাৰণ অহা কেইটামান বছৰৰ ভিতৰতে ভাৰতৰ এক বিলিয়ন ব্যৱহাৰকাৰী অনলাইন দেশ হৈ যাব ।

2 views0 comments