সমবায় সমিতিবোৰে নিজৰ নামৰ লগত 'বেংক' শব্দটো ব্যৱহাৰ কৰিব নোৱাৰে : আৰ বি আই





২০২০ চনৰ ২৯ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱা বেংকিং ৰেগুলেচন এক্ট, ১৯৪৯-ৰ সংশোধনৰ পিছত প্ৰভিজন তথা ৰিজাৰ্ভ বেংকৰ পৰা অনুমতি নোলোৱা সমবায় সমিতিবোৰে তেওঁলোকৰ নামৰ অংশ হিচাপে 'বেংক', 'বেংকাৰ', 'বেংকিং' আদি শব্দবোৰ ব্যৱহাৰ কৰিব নোৱাৰে । এক মন্তব্যত এই কথা উল্লেখ কৰি আৰ বি আইয়ে কয় যে বহু সমবায় সমিতিয়ে নিজৰ নামৰ সৈতে এই শব্দকেইটা ব্যৱহাৰ কৰি ৰেগুলেচন এক্টক উলংঘন কৰিছে । ইয়াৰ উপৰিও আৰ বি আইৰ নজৰলৈ আহিছে যে কিছুমান সমবায় সমিতিয়ে বিভিন্ন লোকৰ পৰা ধন জমা লৈ আছে যিটো নিয়ম উলংঘন কৰি বেংকিং ব্যৱসায় কৰাৰ দৰে হৈছেগৈ । জনতাক উদ্দেশ্যি আৰ বি আইয়ে কয় যে এনে সমিতিবোৰক বি আৰ এক্টৰ অধীনত কোনো ধৰণৰ লাইচেন্স প্ৰদান কৰা হোৱা নাই আৰু তেওঁলোকক আৰ বি আইয়ে বেংকিং বিজনেছ কৰাৰ অধিকাৰ প্ৰদান কৰা নাই । তদুপৰি এই সমিতিবোৰত থোৱা জমা ধনৰ বাবে ডি আই চি জি চিৰ তৰফৰ পৰা কোনো বীমা কভাৰ নাই বুলিও আৰ বি আইয়ে উল্লেখ কৰে । জনতাক সজাগ হৈ থাকিবলৈ আৰ বি আইয়ে আহ্বান জনাইছে আৰু কৈছে যে যদি কোনো সমবায় সমিতিয়ে নিজকে 'বেংক' বুলি দাবী কৰে, তেন্তে তেওঁলোকৰ ওচৰত আৰ বি আইয়ে জাৰি কৰা বেংকিং লাইচেন্স আছে নে নাই তাক পৰীক্ষা কৰাটো উচিত ।

6 views0 comments