আমেৰিকাত ভাৰতৰ নাক কাটিলে : মধ্যপ্ৰদেশত নিষিদ্ধ কমেডিয়ান বীৰ দাস




বিদেশৰ ভূমিত ভাৰতৰ মান-মৰ্যাদা ভূলুন্ঠিত কৰা জনপ্রিয় অভিনেতা তথা কমেডিয়ান বীৰ দাসক নিষিদ্ধ কৰিলে মধ্যপ্ৰদেশ চৰকাৰে। এই সন্দৰ্ভত ৰাজ্যখনৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্রই কয় যে মধ্যপ্ৰদেশত বীৰক কোনো অনুষ্ঠান কৰিবলৈ দিয়া নহ'ব। গৃহমন্ত্ৰী মিশ্ৰই কয়, ”আমি ইষাত এনে ধৰণৰ একোৱেই হ'বলৈ নিদিওঁ। যদি তেওঁ ক্ষমা বিচাৰে তেতিয়া বিবেচনা কৰিব পাৰোঁ। ” মিশ্ৰৰ অভিযোগ, এই ধৰণৰ লোকে দেশখনক কলংকিত কৰাৰ চেষ্টা চলায়। আৰু কপিল চিব্বাল তথা কংগ্রেছৰ আন আন নেতাৰ সমর্থন লাভ কৰে। তেওঁৰ মতে, ”কংগ্রেছ নেতা ৰাহুল গান্ধীয়েও বিদেশৰ ভূমিত ভাৰতক অৱমাননা কৰিছিল।


উল্লেখ্য যে ৱাশ্বিংটন ডিচিৰ জন এফ কেনেডী চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছত বীৰ দাসে দুদিনমান আগেয়ে কৈছিল- ‘মই দ্বিখণ্ডিত ভাৰতৰ নাগৰিক। দ্বিখণ্ডিত কিয় জানে? কাৰণ, মই এনে এখন দেশৰ নাগৰিক য'ত দিনত নাৰীক পূজা কৰা হয় আৰু নিশা গণধর্ষণ।’


বীক দাসেৰ এই মন্তব্যই ইতিমধ্যে দেশত তোলপাৰ লগাইছে। আনকি, বীৰ দাসৰ বিৰুদ্ধে দিল্লীৰ তিলক মার্গ থানাত গোচৰো ৰুজু হৈছে।



ইফালে, বীৰ দাসৰ মন্তব্যত বিজেপি শিবিৰে ক্ষোভ প্রকাশ কৰাৰ বিপৰীতে সমর্থন কৰিছে কংগ্রেছৰ দুই নেতা কপিল চিব্বাল আৰু শশী থাৰুৰে। তেওঁলোকৰ মতে, ‘‘বীৰে আচলতে দেশৰ লাখ লাখ মানুহৰ মনৰ কথা প্ৰতিফলিত কৰিছে।’’

10 views0 comments