সংঘাতৰ চক্ৰান্ত? ধুবুৰীত মন্দিৰৰ পৰা প্ৰতিমা আঁতৰালে দুৰ্বৃত্তই




ধুবুৰী জিলাত হিন্দুৰ উপাসনাস্থলীত দুস্কৃতিকাৰীৰ আক্ৰমণ অব্যাহত আছে। জিলাখনৰ আগমনি, গোলকগঞ্জৰ পিছত ধুবুৰী চহৰতে মন্দিৰ লক্ষ্য হৈ পৰিল। এইবাৰ অৱশ্যে প্ৰতিমাৰ বিশেষ ক্ষতি কৰা হোৱা নাই। মন্দিৰৰ ভিতৰৰ পৰা প্ৰতিমা উলিয়াই বাহিৰত থৈ দিয়া হৈছে।


ধুবুৰী চহৰৰ ১১নং ৱাৰ্ডৰ ত্ৰিনাথ মন্দিৰত সংঘটিত হৈছে ঘটনাটো। মন্দিৰৰ প্ৰতিমাটো ভিতৰৰ পৰা উলিয়াই কিছু আঁতৰত পেলাই থৈ দিয়ে দুস্কৃতিকাৰীয়ে। ঘটনাটোক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। প্ৰতিমাটো মন্দিৰত পুনৰ প্ৰতিষ্ঠা কৰাৰ পিছত উত্তেজনাৰ শাম কাটে।


ঘটনাটোৱে জিলাখনত ধাৰাবাহিকভাৱে হিন্দুৰ উপাসনাস্থলীত হোৱা আক্ৰমণক প্ৰতিনিধিত্ব কৰাত সুধী সমাজ চিন্তিত হৈ পৰিছে। ইয়াৰ আঁৰত গভীৰ চক্ৰান্ত থকা বুলি চৰ্চিত হৈছে। আন একাংশৰ মতে, ভূমি বেদখলৰ চক্ৰান্তৰে মন্দিৰটোৰ ওপৰত আক্ৰমণ চলোৱা হৈছে।

4 views0 comments