শচীন পাইলটৰ দৃঢ়তা মুখথেকেছা কংগ্ৰেছৰ : গেহলট মন্ত্ৰীসভাৰ পদত্যাগ





যিজন যুৱনেতাৰ হাতত ধৰি ৰাজস্থানত শাসনলৈ আহিছিল আৰু বিগত সময়ছোৱাত উপেক্ষাৰে ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰাৰ চক্ৰান্ত চলিছিল, অৱশেষত নেতাজনৰ ওচৰত শিৰণত কৰিবলৈ বাধ্য হ'ল কংগ্ৰেছ নেতৃত্ব। জয়পুৰৰ হেৰুওৱাৰ ভয়ত শচীন পাইলটৰ সমৰ্থকক মুখ্যমন্ত্ৰী অশোক গেহলটে মন্ত্ৰীসভাত স্থান দিবলৈ ৰাজী হয়। ইয়াৰ বাবে গেহলট মন্ত্ৰীসভাৰ সকলো সদস্যই কালি পদত্যাগ কৰে। শীঘ্ৰেই নতুন মন্ত্ৰীসভাই শপতগ্ৰহণ কৰিব। তাত শচীন পাইলট শিবিৰৰো অনেক সদস্য থাকিব।




উল্লেখ্য যে ৰাজস্থানৰ মন্ত্ৰী পৰিষদৰ বৈঠকখন শনিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী অশোক গেহলটৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। বৈঠকতে সকলো মন্ত্ৰীয়ে পদত্যাগ কৰে। বৈঠকৰ পিছত ৰাজ্যৰ পৰিবহণ মন্ত্ৰী প্ৰতাপ সিং খাচাৰিয়াৱাছে কয়, মুখ্যমন্ত্ৰী গেহলটৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকত সকলো মন্ত্রীয়ে পদত্যাগ কৰিছে।


কংগ্ৰেছৰ বিধায়কসকলক দেওবাৰে দুপৰীয়া ২ বজাত দলৰ ৰাজ্যিক কাৰ্যালয়লৈ মতা হৈছে। ইয়াতেই গ্ৰহণ কৰা হ'ব পৰৱৰ্তী সিদ্ধান্ত। অনুষ্ঠানটোত মুখ্যমন্ত্ৰী গেহলট আৰু দলৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অজয় মাকেন উপস্থিত থাকিব প্ৰতাপ সিং খাচাৰিয়াৱাছে লগতে কৈছিল যে দলটোৰ ৰাষ্ট্ৰীয় সভাপতিক সম্বোধন কৰি সমগ্ৰ মন্ত্ৰীসভাই পদত্যাগ কৰে আৰু তাৰ পিছতেই কেবিনেট পুনৰ্গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হয়। এই সন্দৰ্ভত দলৰ ৰাজ্যিক সভাপতি গোবিন্দ সিং দোতাচৰাই নতুন মন্ত্ৰীসভাৰ তালিকা টুইটাৰত প্ৰকাশ কৰে।

25 views0 comments