[13:40, 12/28/2021] Ifne Ranjit Da: কংগ্ৰেছৰ বিপত্তি যেন অন্তহীন : ছোনিয়া গান্ধীয়ে দুবাৰ টানিও তুলিব







একেৰাহে দুটা কাৰ্যকালৰ বাবে নতুন দি্ল্লীৰ ৰাজদৰবাৰত বিৰোধীৰ ভূমিকা পালন কৰিবলগীয়া হোৱা তথা অভূতপূৰ্ব সাংগঠনিক তথা ৰাজনৈতিক সংকটত ভুগি থকা কংগ্ৰেছৰ যেন বিপৰ্যয়ৰ শেষেই নহ’ব। আজি দলটোৰ ১৩৭সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীতো অবাঞ্ছিত পৰিৱেশৰ সন্মুখীন হ’বলগীয়া হয় শীৰ্ষ নেতৃত্ব।


কংগ্ৰেছৰ নতুন দিল্লীস্থিত মুখ্য কাৰ্যালয়ত আজি দলটোৰ ১৩৭সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন চলিল। পতাকা উত্তোলনৰ বাবে উপস্থিত হয় ভাৰপ্ৰাপ্ত এআইচিচিৰ সভানেত্ৰী ছোনিয়া গান্ধী। লগতে আছিল কোষাধ্যক্ষ পৱন কুমাৰ আৰু সাধাৰণ সম্পাদক কে চি বেণুগোপাল। তেওঁলোকৰ লগতে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা ৱদ্ৰাও উপস্থিত থাকে। অনুষ্ঠানটোত পতাকা ুত্তোলনৰ সময়তে ঘটে বিপত্তি। ছোনিয়া গান্ধীয়ে পতাকাৰ ৰচী দুবাৰকৈ টানিও খুলিব নোৱাৰিলে। ওলোটাই পতাকাখন পৰিহে যায়। পিছত এজন দলীয় কৰ্মীয়ে পতাকাখন ওপৰলৈ তোলে।

এইদৰে বিপত্তিৰ মাজেৰে প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীৰ সমাপ্তি গটে। পিছত দিয়া ভাষণত ছোনিয়া গান্ধীয়ে কংগ্ৰেছৰ নেতা-কৰ্মীক দলটোৰ প্ৰতি একাগ্ৰ হৈ তথা ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ কয়- কিছু নিঃস্বাৰ্থ ব্যক্তিৰ অনুপ্ৰেৰণাত গঠন হৈছে আমাৰ দলটো। সেয়ে আজিৰ দিনটোত আমি পুনৰ দলটোৰ প্ৰতি নিষ্ঠা আৰু আত্মত্যাগৰ পথ লোৱটো জৰুৰী হৈ পৰিছে। ভাষণত তেওঁ মোদী চৰকাৰৰ সমালোচনাও কৰে।

17 views0 comments