মেঘালয়ত অস্তাচলে কংগ্ৰেছ : আজি মুকুল চাংমাৰ নেতৃত্বত ১১ বিধায়ক টিএমচিলৈ




ভাৰতবৰ্ষত ক্ৰমশঃ শক্তিশালী হ'বলৈ ধৰিছে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ।আজি অৰ্থাৎ বৃহস্পতিবাৰে দলটোৰ শক্তি অধিক বৃদ্ধি কৰি মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শীৰ্ষ কংগ্ৰেছ নেতা মুকুল চাংমাই যোগদান কৰিব। তেওঁৰ সৈতে তৃণমূল কংগ্ৰেছত যোগদানৰ উদ্দেশ্যে কালি কংগ্ৰেছৰ ১১জন বিধায়কে পদত্যাগ কৰিছে। লক্ষণীয় কথাটো হ'ল, মেঘালয় বিধানসভাত কংগ্ৰেছৰ বিধায়ক আছে ১৮জন। তাৰে ১২জনেই তৃণমূল কংগ্ৰেছত যোগদান কৰিবলৈ ওলোৱাত মেঘালয়ত কংগ্ৰেছৰ ভৱিষ্যৎ সংকটাপন্ন হৈ পৰাটো প্ৰায় নিশ্চিত হৈ পৰিল।


বিধায়কসকলে ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰিছে। ইফালে, ত্ৰিপুৰাৰ পাছত মেঘালয় হ'ব উত্তৰ-পূবৰ দ্বিতীয়খন ৰাজ্য য'ত তৃণমূল কংগ্ৰেছে নিৰ্বাচনত যুঁজিব পৰাকৈ কিছু ভেটি লাভ কৰিছে।

7 views0 comments