জয়পুৰত পুনৰ নগ্ন হ’ল কংগ্ৰেছ : নতুন লাউড স্পীকাৰেৰে ভৰিল মছজিদ অঞ্চল



কংগ্ৰেছে নিজৰ স্বৰূপটো আকৌ এবাৰ উদঙাই দিলে ৰাজস্থানত। ৰাজ্যখনৰ ৰাজধানী জয়পুৰত ৰমজানৰ নামাজ উপলক্ষে আজি শুকুৰবাৰে ব্যাপক হাৰত লাউড স্পীকাৰ লগাবলৈ অনুমতি দিয়ে। বিশেষকৈ জয়পুৰৰ জুমা মছজিদৰ আশে-পাশে শতাধিক লাউড স্পীকাৰ লগাই আজান দিয়া হয়। তুষ্টিকৰণৰ বাবে প্ৰৰোচনামূলক কাণ্ডটো এনে সময়ত কৰা হৈছে যিটো সময়ত দেশজুৰি লাউড স্পীকাৰ ব্যৱহাৰক লৈ তীব্ৰ বিতৰ্ক চলি আছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত উত্তৰপ্ৰদেশত হিন্দু, মুছলমান, শিখ সকলো ধৰ্মৰ সেৱাৰস্থলীৰ পৰা অতিৰিক্ত লাউড স্পীকাৰ আংতৰোৱা হৈছে। লাউড স্পীকাৰৰ শব্দ নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এনে সময়তে এটা বিশেষ ধৰ্মাৱলম্বী লোকক উচটাবলৈ ৰাজস্থানৰ অশোক গেহলট নেতৃত্বাধী কংগ্ৰেছ চৰকাৰখনে জয়পুৰত লাউড স্পীকাৰৰ মালা গাঁঠি দিছে। জুমা মছজিদৰ আশেপাশে খুঁটাই খুঁটাই ওলোমাই দিয়া হৈছে লাউড স্পীকাৰ। সেই লাউড স্পীকাৰৰ জৰিয়তে আজান দি জয়পুৰত আজি ইছলামিক ৰাষ্ট্ৰৰ দৰে পৰিৱেশ সৃষ্টি কৰা হয়।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাই মছজিদৰ পৰা লাউড স্পীকাৰৰ জৰিয়তে আজান দিয়াটো বন্ধ কৰিবলৈ জনোৱা আহ্বানৰ পিছৰে পৰা দেশখনত ধৰ্মীয় অনুষ্ঠানত লাউড স্পীকাৰৰ ব্যৱহাৰক লৈ নতুনকৈ বিতৰ্ক আৰম্ভ হয়। এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে শব্দৰ প্ৰাবল্যত নিৰ্দিষ্টকৈ সীমা বান্ধি দিয়ে। সেই অনুসৰি, দিনৰ ভাগত ৪৫ ডেচিবল আৰু নিশাৰ ভাগত ৩৫ ডেচিবল মাত্ৰাত লাউড স্পীকাৰ বজোৱাৰ সীমা নিৰ্ধাৰণ কৰি দিয়া। এই নিৰ্দেশৰ আধাৰত উত্তৰপ্ৰদেশত চৰকাৰে এতিয়ালৈকে ধৰ্মীয় অনুষ্ঠানৰ পৰা অতিৰিক্ত ২১ হাজাৰ লাউড স্পীকাৰ আঁতৰাই পেলায়। লগতে ৪২ হাজাৰ লাউড স্পীকাৰৰ শব্দৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যখনত সকলো পক্ষই ব্যৱস্থাটোক শান্তিপূৰ্ণভাৱে মানি লয়। কিয়নো ব্যৱস্থাটোৰ জৰিয়তে আইনসংগতভাৱে সকলো ধৰ্মৰ অনুষ্ঠানক সামৰি লোৱা হয়। কিন্তু ৰাজস্থানত কংগ্ৰেছ চৰকাৰখনে ওলোটা স্থিতি গ্ৰহণ কৰি মছজিদ অঞ্চলত লাউড স্পীকাৰ লগোৱাত অনুপ্ৰাণিত কৰে। ইয়াৰ দ্বাৰা এটা পক্ষক আন পক্ষৰ বিৰুদ্ধে প্ৰৰোচিত কৰাৰ অপচেষ্টা চলোৱা হৈছে। লগতে তুষ্টিকৰণৰ পুৰণি ৰাজনীতিকো কংগ্ৰেছে ধুমধামেৰে আগুৱাই লৈ গৈছে। কংগ্ৰেছৰ এনে ধৰণৰ তুষ্টিকৰণৰ ৰাজনীতি আৰু প্ৰৰোচনামূলক কাৰ্যৰ বাবে দেশত সময়ে সময়ে সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি হয় আৰু দলটোৱে তাৰ পৰা ৰাজনৈতিক মুনাফা আদায় কৰি ক্ষমতা দখলৰ পৰিকল্পনা কৰে।

জয়পুৰৰ জুমা মছজিদত আজি নামাজৰ বাবে নামাজৰ সুবিধাৰ্থে অঞ্চলটোৰ বাট-পথ বন্ধ কৰি দিয়া হয়। কংগ্ৰেছৰ এই তুষ্টিকৰণ আৰু প্ৰৰোচনামূলক কাৰ্যই ইতিমধ্যে দেশজুৰি তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। কিন্তু ৰাজনৈতিক মুনাফা আদায়ত অ্ন্ধ কংগ্ৰেছ ব্যস্ত তুষ্টিকৰণত। ৰাজ্যখন কেইদিনমান পূৰ্বে তিনিশ বছৰীয়া মন্দিৰ ভাঙি পেলোৱা হৈছিল। গতিকে বুজিবলৈ বাকী নাথাকে যে কংগ্ৰেছে দেশৰ জনসাধাৰণক কোন দিশে ঠেলি দিব বিচাৰিছে।

12 views0 comments