৩০০ বছৰ পুৰণি মন্দিৰ ধ্বংস কৰাৰ পৰিণতি: SDMকে ধৰি ৩ গৰাকী বিষয়াক নিলম্বন






আলৱাৰত এটা ৩০০ বছৰ পুৰণি শিৱ মন্দিৰ ধ্বংস কৰোতে হোৱা হুলস্থূলৰ মাজতে ৰাজস্থান চৰকাৰে শেহতীয়াকৈ এজন উপ-বিভাগীয় দণ্ডাধীশ (SDM)সহ তিনিজন বিষয়াক নিলম্বন কৰে। নিলম্বিত বিষয়াসকলৰ ভিতৰত আছে ৰাজগড়ৰ SDM কেশৱ কুমাৰ মীনা, ৰাজগড় নগৰ পালিকা ব'ৰ্ডৰ অধ্যক্ষ সতীশ দুহাৰিয়া আৰু নগৰ পঞ্চায়তকাৰ্যবাহী বিষয়া (EO)বনৱাৰী লাল মীনা।


উল্লেখযোগ্য যে যোৱা সপ্তাহত আলৱাৰ জিলাৰ ৰাজগড়ৰ চৰাই মহল্লাত বুলডোজাৰ ব্যৱহাৰ কৰি এটা ৩০০ বছৰ পুৰণি শিৱ মন্দিৰ ভাঙি পেলোৱা হৈছিল।


শিৱ মন্দিৰৰ উপৰিও, দেওবাৰে ৰাজস্থানৰ আলৱাৰ জিলাত এটা পথ পৰিষ্কাৰ কৰিবলৈ বুলডোজাৰেৰে ৮৬ খন দোকান আৰু ঘৰ ভাঙি পেলোৱা হৈছিল।


ইয়াৰ পূৰ্বে সোমবাৰে ৰাজস্থান উচ্চ ন্যায়ালয়ত আলৱাৰত এটা ৩০০ বছৰ পুৰণি শিৱ মন্দিৰ ধ্বংসক ৰাৰ বিৰুদ্ধে এখন PIL দাখিল কৰা হৈছিল, য'ত জিলা উপায়ুক্ত, উপ-বিভাগীয় দণ্ডাধীশ, কাৰ্যবাহী বিষয়া, নগৰ পালিকা আৰু অন্যান্যসকলক মুখ্যমন্ত্ৰী অশোক গেহলটৰ সৈতে দলবদ্ধ কৰা হৈছে।


PILত কোৱা হৈছে যে ৰাজগড়ত ধ্বংস অভিযান অসাংবিধানিক ভাৱে সম্পন্ন কৰা হৈছিল য'ত প্ৰাচীন শিৱ মন্দিৰকে ধৰি দোকান আৰু মন্দিৰসমূহ মাষ্টাৰ প্লেনৰ নামত ৰাজ্য চৰকাৰে ভাঙি পেলাইছিল।


PILত কোৱা হৈছে, "অসাংবিধানিকভাৱে শিৱ মন্দিৰ ভাংচুৰ কৰি হিন্দু সমাজৰ অনুভূতিক আঘাত প্ৰাপ্ত কৰা হৈছে আৰু নিৰীহ লোকৰ মৌলিক অধিকাৰ উলংঘা কৰা হৈছে।" '

9 views0 comments