৫২ কিঃমিঃ দৈৰ্ঘ্যৰ বেংগল-চিকিম সংযোগী ৰেলপথৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব ২০২৩ চনৰ ডিচেম্বৰত : ভাৰতীয় ৰেল বি




বহু বছৰৰ অন্ততঃ পশ্চিমবংগৰ চেভকেৰ পৰা চিকিমৰ ৰংপোলৈকে ৫২ কিঃমিঃজোৰা ৰেলপথ ২০২৩ চনৰ ডিচেম্বৰ মাহৰ পৰা কাৰ্যকৰী হ'ব বুলি আশা কৰা হৈছে । এই মন্তব্য উত্তৰ-পূৱ সীমান্ত ৰেলপথৰ জেনেৰেল মেনেজাৰ অংশুল গুপ্তাৰ । ছয়টাকৈ ষ্টেচন সম্বলিত এই ৰেলপথৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে ২০০৯ চনত যেতিয়া পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ৰেলমন্ত্ৰী আছিল ।কিন্তু মমতাৰ মমতা ৰ পৰা বঞ্চিত হৈ পৰি ৰৈছিল এই প্ৰকল্পটো । প্ৰথমতে ইয়াক ২০১৫ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ কথা আছিল যদিও জটিল অঞ্চল আৰু ভূমি সম্পৰ্কীয় সমস্যাবোৰৰ বাবে যোজনাটো সম্পূৰ্ণ হওঁতে ভালেখিনি পলম হ'ল ।যিমানেই প্ৰকল্পটো পলম হ'ল বাঢ়িল টকাৰ পৰিমান ও ! যোজনাটোৰ নিৰ্ধাৰিত খৰছো ১,৩০০ কোটিৰ পৰা বাঢ়ি গৈ ৫০০০ কোটি টকা হলগৈ । এতিয়ালৈ মাত্ৰ যোজনাৰ ৩০ শতাংশ কাম সম্পূৰ্ণ হৈছে যদিও কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত প্ৰকল্পটো নতুনকৈ থন ধৰি উঠিছে । এই সপ্তাহৰ আৰম্ভণিতে উত্তৰ-পূৱ সীমান্ত ৰেলপথৰ জেনেৰেল মেনেজাৰ অংশুল গুপ্তাই চিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙক সাক্ষাৎ কৰে আৰু যোজনাটোৰ কামকাজ সম্পৰ্কে বিতংকৈ আলোচনা কৰে । ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ চোকা নজৰে এই কামটোক নতুন ৰূপ দিব বুলিও বিশ্বাসী উত্তৰ-পূৱ সীমান্ত ৰেলপথৰ জেনেৰেল মেনেজাৰ অংশুল গুপ্তা।

5 views0 comments