আজিৰ পৰা আৰম্ভ হ'ব মাজুলী যোৰহাট সংযোগী দলং ৰ নিৰ্মাণ কাৰ্য





কিছুসময় পিছত আজি মাজুলী উপস্থিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । যোৰহাট মাজুলী দলং ৰ প্ৰথমটো খুটা ৰ আধাৰশিলা আজি স্থাপন কৰিব মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা দেৱে । মাজুলী বাসীৰ সপোনাৰ দলং খনৰ আৰম্ভণি লৈ আজি মাজুলীত ব্যাপক প্ৰস্তুতি । সত্ৰীয়া সংস্কৃতিৰ কেন্দ্ৰ স্থল নদী দ্বীপ মাজুলী তাহানিতে পৰা বিভিন্ন ৰাজনৈতিক দলে হেমাহিৰ চকুৰে চাই অহা কাৰনে বিশ্ব ঐতিহ্য স্থান হোৱাৰ পিছত বহু ক্ষেত্ৰত পিছ পৰি আছিল মাজুলী । কিন্তু ড: হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব ৰ চৰকাৰৰ দিনত আকৌ এবাৰ থনধৰি উঠিছে মাজুলী । কিছুদিন পুৰ্ৱে মাজুলীৰ ৰাস চাবলৈ গৈ অসমৰ মুখ্যমন্ত্ৰী জনে চাংঘৰ ত সময় কটাইছিল ।যোগাযোগৰ অভাৱ ৰ কাৰনে মাজুলী প্ৰায়েই বহি: বিশ্বৰ পৰা বিচিন্ন হৈ থাকে , যিটো দুখ সদায়েই মাজুলী বাসীয়ে অনুভৱ কৰি আহিছিল । কিন্তু সুখৰ খবৰ যে এই যোগাযোগ ৰ অভাৱ খিনি ক সম্পূৰ্ণ কৰিবলৈ ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা কেইবাটাও বিশেষ পদক্ষেপ লোৱা হৈছে । এই দলং ৰ নিৰ্মাণ ৰ ফলত যোৰহাট আৰু মাজুলীৰ দুৰত্ব যথেষ্ট খিনি হ্ৰাস পাব লগতে বাঢ়িব বিভিন্ন পৰ্যটক।

5 views0 comments