ৰোগী কঢ়িওৱা টাটা ছুম'ত কণ্টেইনাৰৰ খুন্দা : বকোত তিনিজনৰ কৰুণ মৃত্যু




কথাতে আছে, চৰণেহে জানে মৰণৰ ঠাই। হাস্পতালত চিকিৎসাধীন ৰোগীক ঘৰলৈ কঢ়িয়াই নি থকা বাহনখনেই দুৰ্ভাগ্যজনকভাৱে দুৰ্ঘটনাত পতিত হ'ল। ঘটনাটোৱে বাহনখনত থকা তিনিজন যাত্ৰীৰ প্ৰাণ আঁজুৰি নিয়ে।মৰ্মান্তিক কাণ্ডটো

মঙ্গলবাৰে নিশা বকোৰ বন্দোপাৰাত সংঘটিত হয়।



গুৱাহাটীৰ পৰা গোৱালপাৰা জিলাৰ লক্ষীপুৰ অভিমুখে গৈ থকা এখন টাটা ছুম' আৰু বিপৰীত দিশেৰে আহি থকা এখন বৃহৎ কণ্টেইনাৰৰ মুখামুখি সংঘৰ্ষত ছুম'খনৰ তিনিজন যাত্ৰীৰ মৃত্যু হয়।


টাটা ছুম'খন গুৱাহাটীৰ এখন নাৰ্ছিংহোমৰ পৰা ৰোগী কঢ়িয়াই লক্ষীপুৰ অভিমুখে গৈ আছিল। ছুম'খনৰ নম্বৰ এ এছ-১৮ বি- ৫৭৭৪ আৰু কণ্টেইনাৰখনৰ নম্বৰ হৈছে, এন এল-০১ এ ই-৩৩৯৪। ঘটনাটোত টাটা ছুম'খন ধ্বংসস্তূপত পৰিণত হয়। লগতে চালক চামচুল হকৰ উপৰি যাত্ৰী মাহমুদ আলম আৰু ৰুকচানা আহমেদৰ মৃত্যু হয়। ইয়াৰে চালক চামচুল হকক ধূপধৰা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।


আনহাতে, দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা ৰুকচানা আহমেদৰ ঘৰ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ চলন্তপাৰাত আৰু আহমুদ আলমৰ ঘৰ গোৱালাপাৰা জিলাৰ লক্ষীপুৰৰ লেজাম গাঁৱত।

8 views0 comments