প্ৰসংগ : ছয় জনগোষ্ঠীৰ জনজাতিকৰণ




বিগত কেইবা বছৰ ধৰি অসমত কোচ ৰাজবংশী, মৰাণ, মটক, আহোমকে ধৰি ছটা জনগোষ্ঠীয়ে ভৈয়াম অনুসূচিত জনজাতিৰ মৰ্যাদা লাভৰ বাবে আন্দোলন কৰি আহিছে। এই সময়ছোৱাত ৰাজ্যখনত কেইবাখনো চৰকাৰ আহিল আৰু গ’ল। কিন্তু সমস্যাটোৰ আশু সমাধান নহ’ল। লক্ষণীয় কথাটো হৈছে নিৰ্বাচনী ইস্তাহাৰ বা প্ৰতিশ্ৰুতিত ক্ষমতালৈ অহা প্ৰতিটো ৰাজনৈতিক দলে জনগোষ্ঠী ছটাক জনজাতিৰ মৰ্যাদা দিয়া হ’ব বুলি উল্লেখ কৰি আহিছে। অৰ্থাৎ দাবীটো কোনেও নাকচ কৰা নাই নতুবা অযুক্তিকৰ বুলি এৰাই চলা নাই। মাথোঁ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষাতহে হোহোকা পিছলা কৰি আহিছে। ইয়াৰ কাৰণ কেইবাটাও হ’ব পাৰে। ইয়াৰ পৰা দুটা প্ৰধান কাৰণ বাচি উলিয়াই ক’ব পাৰি যে ৰাজনৈতিক দলে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি ঠিকেই দিয়ে কিন্তু কাৰ্যকৰীকৰণত ভয় খায়। কাৰণ দাবীটোৰ বিপক্ষে ৰাজ্যখনৰ জনজাতীয় লোকসকলৰ বিৰোধিতা। ইমান দিনে জনজাতি হিচাপে লাভ কৰি অহা সুবিধা সংকুচিত হৈ পৰাৰ শংকাত বৰ্তমানৰ জনজাতিসকলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি আহিছে। ৰাজনৈতিক দলসমূহে বিষয়টোৰ ক্ষেত্ৰত সৰ্বসন্মত সিদ্ধান্ত বা সকলোৰে গ্ৰহণযোগ্য হ’ব পৰাকৈ নীতি এটা প্ৰস্তুত নকৰাকৈয়ে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়ে। অৰ্থাৎ বাকী সকলো পিছত দেখা যাব, জনগোষ্ঠীকেইটাক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি সদ্যহতে ভোট আদায় কৰি লোৱা হওক। এতিয়ালৈকে ছয় জনগোষ্ঠীৰ জনজাতিকৰণত এইটোকে একমাত্ৰ নীতি হিচাপে লোৱাৰ বাবে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো এটা পৰ্যায়ৰ পৰা বিশেষ আগবঢ়া নাই। আনপিনে, বৰ্তমানৰ জনজাতিসকলৰো অসন্তুষ্টি একেটা পৰ্যায়তে ৰৈ আছে। জনজাতিৰ তালিকাখনত নতুনকৈ জনগোষ্ঠীৰ সংযোজন তেওঁলোকৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে সংকটৰ কাৰণ হৈ পৰিব। এইদৰে থাকিলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অনন্তকালৰ বাবে ওলমি থাকিব। শেহতীয়াকৈ বিজেপি চৰকাৰে মধ্যম পথ এটা উলিয়াই জনজাতিৰ নতুন শ্ৰেণী এটা সৃষ্টিৰ জৰিয়তে সমস্যাটো সমাধানৰ পদক্ষেপ লৈছিল যদিও সিও গেঁঠেলা মাৰি ৰৈছে। বিগত এবছৰে মন্ত্ৰীগোটৰ প্ৰতিবেদনখনকে দিল্লীলৈ প্ৰেৰণ কৰিব পৰা নাই। এইটো দায়িত্বপূৰ্ণ কাম হোৱা নাই। অসৰ ভৱিষ্যতৰ স্বাৰ্থতে এই দাবীটোৰ সৰ্বগ্ৰহণযোগ্য সমাধান এটা উলিয়াব লাগে।

আমি সকলোৱে জানো যে পূব পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশৰ পৰা হৈ থকা বিৰামহীন অনুপ্ৰৱেশে অসমৰ খিলঞ্জীয়া তথা ৰাজ্যখনত বসবাস কৰা ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকৰ বাবে সংকট ক্ৰমশঃ বৃদ্ধি কৰি গৈছে। অসম এনে এখন ৰাজ্য, য’ত দেশৰ সংবিধানতকৈ সুবিধাবাদী আৰু ৰাজনৈতিকভাৱে মুনাফাখোৰ ৰাজনৈতিক দলৰ ইচ্ছা-অনিচ্ছাই অধিক প্ৰাধান্য পায়। সংবিধান বা আইনী শাসন অনুসৰি, কোনো বিদেশী নাগৰিক বিনা পাৰপত্রত ভাৰত তথা অসমত প্রৱেশ কৰিব নোৱাৰে। লগতে মাটি, চাকৰি, ব্যৱসায় আদি বেদখল কৰিব নোৱাৰে৷ সংবিধানত দেশৰ সার্বভৌমত্বক সুৰক্ষিত কৰি ৰাখিবলৈ কঠোৰভাৱে এই ব্যৱস্থা ৰখা হৈছে। ইয়াক মানি চলাটো যিকোনো নির্বাচিত শাসক দলৰ প্রথম সংবিধানক দায়িত্ব আৰু কর্তব্য৷ কিন্তু অসমৰ ক্ষেত্রত ইয়াক উপেক্ষা কৰা হৈ আহিছে। কাৰণ এটাই, ভোটবেংকৰ ৰাজনীতি। স্বাধীনতাৰ পাছত অসমত ধাৰাবাহিকভাৱে বিদেশীৰ অনুপ্রৱেশ চলিয়ে আছে৷ আগৰ পূব পাকিস্তান আৰু বর্তমানৰ বাংলাদেশৰ পৰা দলে দলে অসমলৈ অবৈধভাৱে লোক আহি আছে। এইটো অসমৰ মাটি, মানুহ আৰু ৰাজনীতিৰ গুৰুতৰ সমস্যা হৈ পাৰিছে৷ সংবিধানৰ ৫নং অনুচ্ছেদ উলংঘা কৰি পূব পাকিস্তান তথা বাংলাদেশৰ নাগৰিকৰ ধাৰাবাহিক অনুপ্রৱেশ হৈ আছে। কিন্তু কোনো এখন চৰকাৰে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ বৰং যেনেতেনে ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত কৰিবলৈ সুবিধা কৰি দিছে। লগতে চৰকাৰী মাটি, নৈ-নলা, পাহাৰ, বনাঞ্চল, গো-চৰণীয়া অঞ্চল বেদখল কৰিবলৈ সুযোগ সুবিধা কৰি দিছে৷ এতিয়া সেই অনুপ্ৰৱেশকাৰীসকলে ৰাজনৈতিক ক্ষমতাও বেদখল কৰিবলৈ গৈ আছে৷ অসমৰ মাটি, ৰাজনৈতিক ক্ষমতা বিদেশীৰ হাতলৈ গ’লে, অসম নামমাত্ৰহে ভাৰতৰ সার্বভৌম ৰাষ্ট্রৰ অংগ হৈ থাকিব। ইয়াৰ পৰা অসমক ৰক্ষা কৰা, অসম তথা ভাৰত-বাংলাদেশৰ সীমা ছীল কৰা আৰু যোৱা ৭০ বছৰে অনুপ্রৱেশ কৰা লগতে তেওঁলোকৰ সতি-সন্ততিক বহিষ্কাৰ কৰাই একমাত্র উপায়৷ তাকো কেন্দ্রীয়-ৰাজ্য চৰকাৰ কোনোৱে নিষ্ঠাৰে কার্যকৰী কৰা নাই৷

অসমত অনুপ্ৰৱেশ কৰা লোকসকলৰ একাংশ জনজাতি বেষ্টনী-আবেষ্টনী এলেকাত সোমাইছে। তাৰে কিছুসংখ্যকক শৰণার্থী বুলি সংস্থাপিত কৰা হৈছে। গৰিষ্ঠসংখ্যকে বেদখল কৰি জনজাতিৰ বাবে সংৰক্ষিত ভূমি নিজৰ কৰি লৈছে। ইয়াৰ বাবে জনজাতীয় লোকসকল ভূমিৰ সমস্যাত ভুগিছে। ভূমিৰ সমস্যাই তেওঁলোকৰ জীৱন-জীৱিকাত বিৰূপ প্ৰভাৱ পেলাইছে। কৃষিজীৱী লোকসকলৰ বাবে জীয়াই থখাৰ মূল সম্পদ আতিয়া অনুপ্ৰৱেশকাৰীৰ হাতত। লগতে কৃষ্টি-সংস্কৃতি, ভাষা-পৰিচয় আদিও প্ৰত্যাহ্বানৰ সন্মুখত পৰিছে। সমাগত দিনবোৰত সমস্যাবোৰ অধিক বিশাল আকাৰৰ পৰিগ্ৰহ কৰিব। অঞ্চলবোৰ অশান্ত হৈ পৰাৰ সম্ভাৱনা আছে।


অসমত বিগত সময়ছোৱাত ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ বাবে ৰাজনৈতিক দলসমূহৰ মাজত একপ্ৰকাৰ প্ৰতিশ্ৰুতিৰ প্ৰতিযোগিতা চলি আহিছে। ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছত মূৰ পোলোকা মৰাটো সকলোৰে বাবে নীতি হৈ পৰিছে। এইদৰে ৰাজনৈতিক স্বাৰ্থপূৰণৰ বাবে জনগোষ্ঠীকেইটাক বছৰ বছৰ ধৰি আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে। কিন্তু অসমখন আৰু ইয়াৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীক বাংলাদেশীৰ আগ্ৰাসনৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ সমস্যাটোৰ সমাধান জৰুৰী। অসমৰ ভূমি সুৰক্ষিত কৰি ৰাখিবলৈ জনজাতিৰ বাবে সংৰক্ষিত ব্লক-বেষ্টনীৰ ভূমিক প্ৰকৃত উদ্দেশ্যত ব্যৱহাৰ কৰা বা হোৱাটো নিশ্চিত কৰাটোও জৰুৰী। যাৰ মাটি, তাকেই সেই মাটিৰ অধিকাৰ দিয়া হওক। তাত অনাধিকাৰ বসতি স্থাপন কৰা অবৈধ নাগৰিকক সোনকালে উচ্ছেদ কৰিব লাগে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীটোৰো সৰ্বসন্মত সমাধান এটা উলিয়াভ লাগে। ভৱিষ্যতৰ অসমত ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব।

5 views0 comments